--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ পৰিছে বৰফে আবৰা মেৰুৰ ওপৰতো।গোলকীয় উষ্ণতাই এতিয়া  গ্ৰাস কৰিছেসমগ্ৰ  বিশ্বকে। আনকি বাদ পৰি যোৱা নাই বৰফে আৱৰি ৰখা মেৰুও। মেৰুতো এতিয়া বৃদ্ধি পাইছে তাপমাত্ৰা। প্ৰদূষণৰ মাত্ৰা বৃদ্ধিৰ লগে লগে পৃথিৱীৰ উষ্ণতা ক্ৰমে  বৃদ্ধি পাই গৈছে৷ জলবায়ুৰ ভীষণ পৰিৱৰ্তন ঘটিছে৷ যিবোৰ ঠাই আগতে বানৰ কৱলত পৰা নাছিল সেই ঠাইবোৰত এতিয়া আবতৰীয়া বানে সংহাৰৰ সৃষ্টি কৰিছে৷ 

কিছুমান ঠাইত আকৌ খৰাঙৰ ভয়াৱহ ছবি ফুটি উঠিছে৷মেৰুৰ বৰফ গলনৰ প্ৰভাৱ বিশ্বৰ সকলো ঠাইতে পৰিছে৷ নদীৰ পৃষ্ঠ উঠি আহিছে৷ সাগৰত পানীৰ পৰিমাণ বাঢ়ি যোৱাৰ ফলত নদীৰ পানী সাগৰত জমা হোৱাত বাধাৰ সৃষ্টি হৈছে৷ এনেবোৰ কাৰণতে বৰফ নপৰা ঠাইতো বানৰ আশংকা বৃদ্ধি পাইছে৷২০৫০ চনৰ ভিতৰত মেৰুৰ বৰফ গলাৰ বাবেই বিশ্বৰ বহু চহৰৰ অস্বিত্ব নাথাকিব বুলি বিজ্ঞানীসকলে মত প্ৰকাশ কৰি আহিছে৷ বহু চহৰ পানীৰ তলত লীন যোৱাৰ আশংকা মেৰুৰ বৰফ গলাৰ বাবেই বৃদ্ধি পাইছে৷

গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰত্যক্ষ প্ৰভাৱ এতিয়া বৰফৰ ভাণ্ডাৰ হিচাবে পৰিচিত পৃথিৱীৰ দুই মেৰুৰ ওপৰত পৰা পৰিলক্ষিত হৈছে।উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ বহু অঞ্চলত তাপমাত্ৰা বৰফ গলি যোৱা বাবে প্ৰয়োজনীয় সীমালৈ উৰ্ধগামী হোৱা দেখা গৈছে। ফলত দুই মেৰুতে আৰম্ভ হৈছে বৰফৰ ব্যাপক গলন।দুই মেৰুৰ অভূতপূৰ্ব উষ্ণতাই বিশ্বৰ বিজ্ঞানীসকলক বিচলিত কৰি তুলিছে। এণ্টাৰ্কটিকাৰ কনকৰ্ডিয়া গৱেষণা কেন্দ্ৰত কৰ্মৰত বিজ্ঞানীসকলে দুই মেৰুৰ বিভিন্ন স্থানত -১২.২ ডিগ্ৰী চেলচিয়াছ উচ্চতা হোৱাৰ তথ্য লাভ কৰিছে। ২০১৬ চনৰ ডিচেম্বৰ মাহত সেই স্থানসমূহৰ উষ্ণতা আছিল -১৩.৭ ডিগ্ৰী চেলচিয়াছ।

এণ্টাৰ্কটিকাৰ ভষ্টক ষ্টেচনত তাপমাত্ৰা -২০.৩ ডিগ্ৰী চেলচিয়াছ নথিভুক্ত কৰা হৈছে। মেৰুত কৰ্মৰত বিজ্ঞানীসকলে কৈছে যে শূন্য বা ১০ ডিগ্ৰী চেলচিয়াছৰ ওচৰত থকা যিকোনো তাপমাত্ৰাই “বৃহৎ তাপ প্ৰবাহ” ৰ কথাই চিহ্নিত কৰে।উত্তৰ মেৰু অৱস্থিত বৰফৰ ভাণ্ডাৰসমূহৰ উষ্ণতা গড় উষ্ণতাতকৈ ৫০ ডিগ্ৰী অধিক হোৱাৰ কথাত বিজ্ঞানীসকল চিন্তিত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?