--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুধৰণি হোৱা নাই পাকিস্তানৰ। জম্মু-কাশ্মীৰৰ LoCত পাকিস্তানৰ পুনৰ গুলীচালনা। পহলগাম আক্ৰমণৰ পৰা ৯ দিন ধৰি পাকিস্তানে নিকৃষ্ট কাম কৰা অব্যাহত ৰাখিছে। কুপৱাৰা, উৰি আৰু আখনূৰ অঞ্চলত পাকিস্তান সেনাই পুনৰবাৰ যুদ্ধবিৰতি উলংঘা কৰিলে। ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিলে ভাৰতীয় সেনাই।

২২ এপ্ৰিলৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হোৱাৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা তীব্ৰতৰ হোৱাৰ সময়তে এই ঘটনা সংঘটিত হৈছে। তিনিদিন পূৰ্বে ভাৰতে পাকিস্তানক স্পষ্ট সতৰ্কবাণী দিছিল যে যুদ্ধবিৰতি উলংঘা কৰি থাকিলে সহ্য কৰা নহ’ব।

মঙলবাৰে ভাৰত আৰু পাকিস্তানৰ ডিজিএমঅ’ৰ মাজত হটলাইনত বাৰ্তালাপ হৈছিল, য’ত পাকিস্তানৰ পৰা গুলীচালনা আৰু অনুপ্ৰৱেশৰ ঘটনাৰ বিষয়ে আলোচনা কৰা হৈছিল। ২৪ এপ্ৰিলৰ নিশাৰ পৰা পাকিস্তানে এল অ’ চিৰ বিভিন্ন স্থানত গুলীচালনা আৰম্ভ কৰিছিল, যিটো এতিয়ালৈকে অব্যাহত আছে। সেইদিনা ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ কথা ঘোষণা কৰিছিল।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানে ভাৰতীয় বিমানৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰি ৱাগাহ সীমান্ত ছীল কৰি ভাৰতৰ সৈতে সকলো বাণিজ্যিক সম্পৰ্ক বন্ধ কৰি দিয়ে। পাকিস্তানে ভাবুকি দিছিল যে যদি ভাৰতে পাকিস্তানৰ পানীৰ অংশক অন্য দিশলৈ ঠেলি দিবলৈ চেষ্টা কৰে তেন্তে ইয়াক যুদ্ধৰ কাৰ্য্য বুলি গণ্য কৰা হ’ব।

উল্লেখযোগ্য যে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰত আৰু পাকিস্তানৰ ডি জি এম অ’ই ২০০৩ চনৰ যুদ্ধবিৰতি চুক্তি পুনৰ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও বৰ্তমানৰ পৰিস্থিতিয়ে পুনৰবাৰ সীমান্তত অশান্তি আৰু বিপদৰ আশংকা বঢ়াই তুলিছে।

ভাৰত আৰু পাকিস্তানৰ মুঠ সীমা ৩,৩২৩ কিলোমিটাৰ, তিনিটা ভাগত বিভক্ত: গুজৰাটৰ পৰা জম্মুৰ আখনূৰত চেনাব নদীৰ উত্তৰ পাৰলৈকে প্ৰায় ২,৪০০ কিলোমিটাৰ দূৰত্বলৈকে বিস্তৃত আন্তঃৰাষ্ট্ৰীয় সীমান্ত (IB); জম্মুৰ কিছু অংশৰ পৰা লেহলৈ ৭৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ নিয়ন্ত্ৰণ ৰেখা (LoC); আৰু এনজে ৯৮৪২ৰ পৰা ইন্দিৰা কৰ্ণেললৈকে চিয়াচেন খণ্ডক ১১০ কিলোমিটাৰত বিভক্ত কৰা একচুৱেল গ্ৰাউণ্ড পজিচন লাইন (এজিপিএল)।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?