--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

একৈশ শতিকাৰ ভাৰতত ৰাকেশ টিকাইট আৰু তেওঁৰ সহযোগীসকলে ৰচিলে ইতিহাস! এয়া স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ বৰ্ষত বুৰঞ্জীৰ এখিলা সোণবৰণীয়া পৃষ্ঠা হৈ জিলিকি থাকিল। বুৰঞ্জীত কোনো ৰাজনীতিয়ে এইখিলা পাত ফালিব নোৱাৰিব। এইখিলা পাতত লিপিবদ্ধ হ’ব ভাৰতৰ কৃষকৰ সাধনা, তপস্যা আৰু ত্যাগ। এই ত্যাগত সাত শতাধিক কৃষকৰ জীৱন বিসৰ্জনো সাঙুৰ খাই আছে। এই ত্যাগত দিল্লীৰ উষ্ণতম দিনবোৰ আৰু হাড় কঁপোৱা শীতৰ নিশাবোৰ সংযুক্ত হৈ আছে। বিজেপিয়ে কংগ্ৰেছক যেতিয়া সমালোচনা কৰে, তেতিয়া তেওঁলোকে অসম আন্দোলনৰ ৮৫৫জন মানুহক হত্যা কৰা বুলি অভিযোগ আনে। এই অভিযোগ সত্য। কিন্তু দিল্লীত কৃষকৰ আন্দোলনত এবছৰত সাতশ অন্নদাতাই জীৱন দিলে। এই সাতশ শ্বহীদৰ দায়িত্ব কেন্দ্ৰৰ বিজেপি চৰকাৰে ল’ব নালাগিবনে? আজি সংসদত কৃষি আইন প্ৰত্যাহাৰৰ প্ৰস্তাৱ উত্থাপন কৰা হ’ল।

লগে লগে এই সংগ্ৰামৰ এগৰাকী সেনাপতি ৰাকেশ টিকাইটে ঘোষণা কৰিলে যে আন্দোলনকাৰী কৃষকৰ বিৰুদ্ধে থকা সমস্ত গোচৰ কেন্দ্ৰীয় চৰকাৰে প্ৰত্যাহাৰ কৰিব লাগিব। এই গোচৰ প্ৰত্যাহাৰ নকৰা পৰ্যন্ত আন্দোলন ত্যাগ কৰি কৃষক সমাজ ঘৰলৈ নাযায়। এয়া এজন সংগ্ৰামীৰ সতীৰ্থৰ প্ৰতি থকা দায়ৱদ্ধতাৰ এটা সাধাৰণ নমুনা। আন্দোলনৰ দীৰ্ঘকালীন সময়ত কেন্দ্ৰীয় চৰকাৰৰ পৰা আলোচনাৰ প্ৰস্তাৱ একাধিকবাৰ আহিছিল। আন্দোলনকাৰী কৃষকৰ প্ৰতিনিধিয়েও চৰকাৰৰ সৈতে আলোচনাত বহিছিল। চৰকাৰে বুজনি দিছিল কিদৰে তিনিওখন কৃষি আইনৰ দ্বাৰা কৃষক উপকৃত হ’ব। এই সকলো বুজনি আছিল নিৰ্দ্দিষ্ট কেইজনমান পুঁজিপতিৰ স্বাৰ্থত। যি কি নহওক কৃষক আন্দোলনৰ সৰ্বাত্মক সফলতাই জোঁকাৰিছে পৃথিৱীৰ বিভিন্ন সংবাদ মাধ্যম। গুৰুত্ব পাইছে ভাৰতৰ কৃষি আইনবিৰোধী আন্দোলনে।


অসমতো এদিন হৈছিল ‘কা’বিৰোধী সংগ্ৰাম। এই সংগ্ৰাম কেইদিনমান চলিয়ে ক’ভিডৰ দোহাই দি বন্ধ কৰি দিয়া হৈছিল। এতিয়া পুনৰ ‘কা’বিৰোধী আন্দোলনৰ বাবে আহ্বান জনাইছে কংগ্ৰেছ, ৰাইজৰ দল তথা অখিল গগৈ, অজাপ তথা লুৰীণজ্যোতি গগৈ, আছু তথা ডঃ সমুজ্জ্বল কুমাৰ ভট্টচাৰ্য্য আৰু জনপ্ৰিয় গায়ক জুবিন গাৰ্গে। কালিও জুবিন গাৰ্গে ছ’চিয়েল মিডিয়াত ‘কা’বিৰোধী আন্দোলন পুনৰ চলিব বুলি ঘোষণা কৰিছে। ‘কা’বিৰোধী আন্দোলনৰ বাবে আগ্ৰহ দেখুওৱা এই নেতাসকলক এটা কথাই জনাব বিচাৰো যে কেতিয়াবা নেতাই বিচাৰিলে আন্দোলন হয় আৰু কেতিয়াবা নিবিচাৰিলেও গণ-অভ্যুত্থান ঘটিব পাৰে।

সংসদত যেতিয়া ‘নাগৰিকত্ব সংশোধনী আইন’ গৃহীত হৈছিল, সেইদিনা ‘কটন বিশ্ববিদ্যালয়’ৰ একাংশ ছাত্ৰ-ছাত্ৰী ৰাজপথলৈ ওলাই আহিছিল। তেওঁলোকৰ নাছিল কোনো ৰাজনৈতিক অংক, স্বতঃস্ফুৰ্ত আছিল। সংগ্ৰামৰ পাছৰ দিনা গুৱাহাটীৰ কেউখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী এই আইনৰ বিৰোধ কৰি ৰাজপথলৈ ওলাই আহিছিল, তাৰ পাছৰখিনি এতিয়া ইতিহাস! কেনেকৈ ছাত্ৰ সমাজৰ ‘কা’বিৰোধী আন্দোলনক ছাত্ৰ নেতাই নিজৰ হাতলৈ নিছিল, কেনেকৈ ৰঙীন চছমা পিন্ধা নেতা-অভিনেতা ইয়াত জড়িত হৈছিল।


এই সংগ্ৰামখনক লাহে লাহে দিছপুৰৰ নিয়ন্ত্ৰণলৈ লৈ যোৱা হৈছিল, ইয়াত সহযোগ কৰিছিল ছাত্ৰনেতা বা সংগীত শিল্পীয়ে। আন্দোলন নৰম কৰি চৰকাৰক সহায় কৰা অভিযোগ মানুহৰ মুখে মুখে। এয়া অসমীয়া মানুহৰ ক্ষোভ আৰু আৱেগ। সাধাৰণ মানুহে ‘কা’বিৰোধ কৰি অসমীয়া ভাষা জীয়াই ৰখাৰ শেষৰখন সংগ্ৰামত জীৱন আহুতি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। এই সংগ্ৰাম ক’ভিডৰ অজুহাতত দুবছৰ স্তব্ধ। ৰাইজৰ ক্ষোভ তেতিয়া উঠিছিল যেতিয়া দিল্লীত ৩ ডিগ্ৰী শীতত ৮৩ বছৰীয়া বিলকিছ দাদীয়ে ক’ভিড দুৰ্যোগৰ মাজত ‘কা’বিৰোধী সংগ্ৰাম চলাই গৈছিল। কোনোধৰণৰ সমাধান সূত্ৰ অবিহনেই আমি ‘কা’বিৰোধী আন্দোলন বন্ধ কৰি দিছিলো।

এতিয়া ৰাকেশ টিকাইতকে ধৰি সংগ্ৰামী কৃষকৰ সফলতা দেখি আন্দোলন কৰিবলৈ উথপথপ লগালে, ৰাইজৰ সমৰ্থন পাবনে? দিন-বাৰ চাই পৃথিৱীত কোনো বিপ্লৱৰ সূচনা হোৱা নাই। এটা কথা মনত ৰখা দৰকাৰ যে, এই দুবছৰত কোনে কেনেকৈ কাক সহায় কৰিলে, সেয়া অসমৰ ৰাইজৰ জ্ঞাত।
ৰাকেশ টিকাইট, দিলজিৎ সিং আদিৰ পৰা অসমৰ আন্দোলনকাৰী নেতা আৰু সংগীত শিল্পীয়ে সংগ্ৰামৰ পাঠ লোৱাৰ প্ৰয়োজনীয়তা নাই জানো?


অসম চুক্তি ৰূপায়ণক লৈ চৰকাৰৰ সৈতে আলোচনাত বহা ‘আছু’-এ কিন্তু ‘কা’বিৰোধী আন্দোলন কৰাৰ বাবে যিসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল সেই গোচৰবোৰ প্ৰত্যাহাৰ কৰাব পৰা নাই। এতিয়াও ‘কা’বিৰোধী আন্দোলনত অংশ লোৱা সহস্ৰাধিক অসমীয়াই পুলিচ থানা আৰু আদালতলৈ দৌৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?