--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ২০২৫ চনৰ ভিতৰত ৫ ট্ৰিলিয়ন আমেৰিকান ডলাৰৰ অৰ্থনীতি হোৱাৰ লক্ষ্যপ্ৰাপ্ত কৰিবলৈ ভাৰতে অৰ্থনৈতিক বিকাশ ৮ শতাংশৰ ওপৰলৈ ত্বৰান্বিত কৰিব লাগিব৷ এই মন্তব্য ভাৰতীয় ষ্টেট বেংকৰ প্ৰাক্তন অধ্যক্ষ ৰজনীশ কুমাৰৰ৷ ৰজনীশ কুমাৰে লগতে কয়, যদি ভাৰতে ৫-ট্ৰিলিয়ন আমেৰিকান ডলাৰৰ অৰ্থনীতি হ’ব বিচাৰে তেন্তে নিশ্চিতভাৱে আমি ৫-৬ শতাংশ অৰ্থনৈতিক বিকাশত সুখী হ'ব নোৱাৰো। আমি আঠ শতাংশৰ ওপৰত বৃদ্ধি কৰিব লাগিব৷ আইএমচি চেম্বাৰ অব্ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিৰ দ্বাৰা আয়োজিত এক ভাৰ্চুৱেল অনুষ্ঠানত অংশ লৈ ৰজনীশ কুমাৰে পুনৰ কয়, আঠ শতাংশ আৰু অধিক বৃদ্ধিৰ বাবে তেওঁ কয়, দেশৰ অৰ্থনীতিত কম কৰ হাৰৰ এক বৃহৎ বিনিয়োগৰ প্ৰয়োজন, যি জনসাধাৰণৰ লগতে কৰ্পোৰেটসকলৰ হাতত অতিৰিক্ত পৰিমাণ নিশ্চিত কৰিব পাৰে, নিম্ন স্তৰত ব্যৱসায় কৰাৰ সহজতা আৰু ভূমিৰ উপলব্ধতা নিশ্চিত কৰিব পাৰে।

ভাষণ প্ৰসংগত কুমাৰে বিনিয়োগ সম্পৰ্কে পৰামৰ্শাৱলী আগবঢ়ায়৷ তেওঁ কয় উৎপাদন, কৃষি আৰু আন্তঃগাঁথনি খণ্ডত আমাক বৃহৎ পৰিমাণে ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ প্ৰয়োজন। আমি সকলো মূলধন প্ৰদান কৰিবলৈ চৰকাৰৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হ’ব নোৱাৰো৷ দেশৰ কৰ্পোৰেট কৰ হাৰ চৰকাৰৰ দ্বাৰা যুক্তিসংগত কৰা হৈছে আৰু এজনে ইয়াৰ বিষয়ে অভিযোগ কৰা উচিত নহয়। তেওঁ কয় যে চৰকাৰে কেইবাটাও সংস্কাৰ হাতত লোৱা স্বত্বেও বিনিয়োগৰ পৰা জিডিপিৰ অনুপাত উন্নত হোৱা নাই।


তেওঁৰ মতে, কঠোৰ সিদ্ধান্ত লোৱাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰ্যায়ত কঠোৰ সংস্কাৰ আৰম্ভ কৰাৰ ইচ্ছা আছে৷ কিন্তু, যেতিয়া কাৰ্যকৰী কৰাৰ কথা আহে তেতিয়া আমোলাতন্ত্ৰৰ বাবে সমস্যা আহি পৰে। কুমাৰে কয়, যদিও ব্যৱসায় কৰাৰ সহজতাত দেশৰ ৰেংকিং যথেষ্ট উন্নত হৈছে, কিন্তু জিলা পৰ্যায়ত, নতুন গোট এটা স্থাপনৰ বাবে অনুমতিপ্ৰাপ্ত কৰাত এতিয়াও প্ৰত্যাহ্বান আছে। যদি আজি আপুনি বা মই আমাৰ দেশৰ যিকোনো জিলাত এটা নতুন গোট স্থাপন কৰিব বিচাৰো, মই আপোনাক কৈছোঁ যে এইটো এক দুখজনক অভিজ্ঞতা হ’ব। কিয়নো, যেতিয়া আপুনি জিলা পৰ্যায়ৰ আমোলাতন্ত্ৰলৈ যায় আৰু এটা উদ্যোগ আৰম্ভ কৰিব বিচাৰে তেতিয়া ব্যৱসায় কৰাৰ এই সকলো সহজতা নাইকিয়া হ’ব বুলি তেওঁ মন্তব্য কৰে৷


কুমাৰে লগতে কয়, বেংকিং খণ্ডৰ ক্ষেত্ৰত বিপদাশংকা ব্যৱস্থাপনা আৰু বিপদাশংকাৰ মূল্য নিৰ্ধাৰণৰ বিষয়ে সমস্যা আছে। দেশৰ অপ্ৰত্যাশিত নীতিগত পৰিৱেশৰ বাবে, য’ত চৰকাৰ বা ৰাজ্য চৰকাৰ বা স্থানীয় বা ন্যায়িক কৰ্তৃপক্ষৰ দ্বাৰা ৰাতিটোৰ ভিতৰতে এটা নীতি সলনি কৰিব পাৰি, বেঙ্কবোৰে প্ৰকল্পবোৰৰ বিত্তীয় যোগানৰ বিপদাশংকাৰ মূল্য নিৰ্দিষ্ট কৰাত অসুবিধা পায় বুলিও কুমাৰে লগতে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?