--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জন্মদিন কৰণ জোহৰৰ। উপহাৰ পালে বিৰাট কোহলীয়ে! ইমান দিনে একেলগে থকা পত্নীয়ে সম্পূৰ্ণ অচিনাকি ৰূপত ধৰা দিছে কোহলীক! ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে মুগ্ধ চাৱনিৰে এপলক চাই ৰ’ল অনুষ্কাৰ পিনে, নীৰৱে-নিৰলে।

কৰণ জোহৰৰ জন্মদিনৰ পাৰ্টীত তাৰকাৰ মেলা। অনুষ্ঠানলৈ গৈছিল অনুষ্কা শৰ্মাইয়ো। সেই অনুষ্ঠানতে ৰূপালী পৰ্দাৰ ‘পৰী’ৰ চমক। শাৰিৰীক সৌন্দৰ্যৰ লগতে, দেহৰ ভাজ, চকুৰ চাৱনিৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।  অনুষ্কাৰ এনে মোহনী ৰূপ দেখি বিৰাটে হয়তো মনে মনে গুণগুণাইছে ‘কুচ কুচ হোটা হ্যে’!

আগেয়ে নেদেখা নিজৰ এনে ছবি ইনষ্টাগ্ৰামত নিজেই পোষ্ট কৰিছে চাকদহ এক্সপ্ৰেছে। পত্নীৰ এনে পোছাক পৰিসজ্জাই আপ্লুত কৰি তুলিছে বিৰাট কোহলীকো। বিৰাটৰ মন্তব্য, ‘ৱাও’। লগতে প্ৰেম-ভালপোৱাৰ ৰঙা ইম’জী। বিৰাট পত্নীৰ এনে ৰূপ দেখি হতবাক বলীউড তাৰকা অভিনেত্ৰী। বহুতে প্ৰশংসাৰে উপচাই দিছে।

বিয়াৰ আগৰ পৰাই অনুষ্কা আৰু বিৰাটৰ প্ৰেম তথা ৰোমান্টিক ছবিবোৰ ছ’চিয়েল মিডিয়াত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। এতিয়া কন্যা ভামিকাও আহিছে বিৰাটৰ পৰিয়াললৈ। মুঠতে এই চেলিব্ৰিটী দম্পতী হৈ পৰিছে আৰু অধিক প্ৰেমময়। অনুষ্কা সম্প্ৰতি পৰিয়াল আৰু কন্যাৰ সৈতে আছে। কিছুদিনৰ পৰা নিজকে চিনেমাৰ পৰা আঁতৰাই ৰাখিছে তেওঁ। অনুষ্কাৰ মতে, ভামীকা অলপ ডাঙৰ হ’লেই পুনৰ পৰ্দালৈ ঘূৰি আহিব। ভাৰতীয় মহিলা ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ এখন বায়’পিক শ্বুটিং কৰি আছে অনুষ্কাই। এই সকলোবোৰৰ মাজতে প্ৰযোজকৰ ভূমিকাত নায়িকা গৰাকীয়ে ইটোৰ পিছত সিটো ভূমিকা পালন কৰি আছে। হাতত বহুত প্ৰজেক্ট। কিন্তু কৰ্মক্ষেত্ৰ যিয়েই নহওক কিয়, অনুষ্কাই স্বামী বিৰাটক নতুনকৈ প্ৰেমত পেলাবলৈ সকলো ধৰণৰ প্ৰচেষ্টা হাতত লোৱা বুলিয়েই একপ্ৰকাৰ ধাৰণা কৰি লৈছে নেটিজেনে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?