--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড তাৰকা ছেইফ আলী খানক দুৰ্বৃত্তৰ ভয়ংকৰ আক্ৰমণ।  বুধবাৰে গভীৰ নিশা নিজ ঘৰতে অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হয় জনপ্ৰিয় অভিনেতাগৰাকী। 

গুৰুতৰভাৱে আহত ছেইফ আলী খানক ততাতৈয়াকৈ মুম্বাইৰ লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰায় পৰিয়ালৰ লোকে। তেওঁৰ অৱস্থা বৰ্তমান সংকটমুক্ত বুলি জানিব পৰা গৈছে। 

আৰক্ষীয়ে জনোৱা মতে, মাজনিশা অভিনেতাজনৰ বান্দ্ৰাস্থিত ঘৰত সংঘটিত হয় এই ঘটনা। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত বান্দ্ৰা আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

প্ৰাথমিক তথ্য অনুসৰি ছেইফৰ ঘৰত প্ৰৱেশ কৰে এজন অচিনাকি লোক। দুয়োৰে মাজত কাজিয়া লাগে। ঘটনাৰ সময়ত অভিনেতা গৰাকীৰ পৰিয়ালৰ আন একাংশ সদস্যও ঘৰটোত উপস্থিত আছিল। ছেইফৰ ঘৰৰ বনকৰা মহিলাগৰাকীৰ লগত অচিনাকি লোকজনৰ কাজিয়া লাগে। যেতিয়া অভিনেতাজনে হস্তক্ষেপ কৰি মানুহজনক শান্ত কৰিবলৈ চেষ্টা কৰে তেতিয়াই তেওঁ ছেইফ আলী খানক আক্ৰমণ কৰে।

আৰক্ষীৰ তথ্য অনুসৰি বলীউডৰ অভিনেতা ছাইফ আলী খানক ঘৰত প্ৰৱেশ কৰা লোকজনে চোকা ছুৰীৰে আক্ৰমণ কৰে। উল্লেখ্য যে বান্দ্ৰাৰ সতগুৰু শৰণ বিল্ডিঙত ছেইফ আলী খানৰ ৩টা বেডৰুমৰ বিলাসী এপাৰ্টমেণ্ট আছে, য’ত টেৰেচ, বেলকনি আৰু চুইমিং পুলো আছে। ইয়াত ছেইফ, কৰীণা কাপুৰ খান আৰু দুই পুত্ৰ সন্তান টাইমুৰ আৰু জেহ বাস কৰে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?