--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনতাৰ সেৱাৰ বাবে নিৰ্বাচিত জনপ্ৰতিনিধিয়ে এতিয়া জনতাৰ পৰা সেৱা আদায় কৰাটো এক চিনাকি দৃশ্য। কিছুদিন পূৰ্বে লামডিঙত বানৰ বুজ ল'বলৈ গৈ সাংবাদিকৰ পিঠিত উঠা বিজেপি বিধায়ক শিবু মিশ্ৰৰ ভাইৰেল হৈ পৰা ছবি বা ভিডিঅ’ আপোনালোকে দেখিছিল। এইবাৰ তেনেদৰেই সমষ্টিৰ এগৰাকী মহিলাৰ দ্বাৰা বিশেষধৰণে সেৱা লাভ কৰি চৰ্চালৈ আহিছে আন এগৰাকী বিধায়ক।

সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈছে এটি সৰু ভিডিঅ’। ভিডিঅ’টোত এগৰাকী বৃদ্ধাই সমষ্টিটোৰ বিধায়িকাগৰাকীৰ ভৰি ধুৱাই থকা দেখিবলৈ পোৱা গৈছে।

ভিডিঅ’টোত এইদৰে সমষ্টিবসীৰ সেৱা আদায় কৰা বিধায়িকাগৰাকী হৈছে ত্ৰিপুৰাৰ বধৰঘাটৰ বিধায়িকা মিমি মজুমদাৰ। জানিব পৰা মতে যোৱা বৃহস্পতিবাৰে এইগৰাকী বিজেপি বিধায়িকাই নিজ সমষ্টিৰ অন্তৰ্গত সূৰ্যপাৰা অঞ্চলৰ ভ্ৰমণৰ সময়ত এই ঘটনা সংঘটিত হৈছিল। 

অঞ্চলটোত ধাৰাসাৰ বৰষুণৰ পিছত অঞ্চলবাসীৰ বুজ ল’বলৈ উপস্থিত হৈছিল বিধায়িকাগৰাকী। তেতিয়াই এগৰাকী বয়োজ্যেষ্ঠ মহিলাই বিধায়িকা মিমি মজুমদাৰৰ বোকা লাগি থকা ভৰি দুই পৰিষ্কাৰ কৰি দিয়ে। 

এই সৰু ভিডিঅ’টো ত্ৰিপুৰাৰ বিৰোধী ৰাজনৈতিক দল চিপিআই (এম)- ৰ অফিচিয়েল ফেচবুক পৃষ্ঠাত আপলোড কৰা হৈছিল। চিপিআই (এম)- এ ভিডিঅ’টো শ্বেয়াৰ কৰি “ফটোশ্বুটৰ পিছত এগৰাকী মহিলাই বিজেপি বিধায়িকাৰ ভৰি ধুব লগা হৈছিল" বুলি অভিযোগ কৰে। 

অৱশ্যে চিপিআই (এম)- ৰ এই অভিযোগ খণ্ডন কৰিছে ৰাজ্যখনৰ বিজেপি নেতৃত্বই। তেওঁলোকে দাবী কৰে যে বিধায়িকা মিমি মজুমদাৰে মহিলাগৰাকীক এনে কাম নকৰিবলৈ বাৰম্বাৰ বাধা দিছিল। কিন্তু বিধায়িকাগৰাকীক তেনে নকৰিবলৈ কোৱা স্বত্বেও তেওঁৰ ভৰি ধুইছিল। শাসকীয় দলটোৱে বিধায়িকা মিমি মজুমদাৰ চিপিআই (এম)- ৰ নিকৃষ্ট ৰাজনীতিৰ বলি হোৱা বুলি অভিযোগ কৰে।

আনহাতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়িকা মজুমদাৰে কয়, “বিধায়িকা হিচাপে মোৰ প্ৰতি থকা মৰমৰ বাবে মহিলাগৰাকীয়ে মোৰ ভৰি ধুইছিল। তেওঁ মাতৃস্নেহৰ পৰিচয় দি এই কাম কৰিছিল।এই কাৰ্যক নেতিবাচক হিচাপে দেখুওৱা উচিত নহয়।” 

এজন বিধায়কে ভাল কাম কৰি মানুহৰ পৰা কিদৰে সন্মান অৰ্জন কৰিব পাৰে সেইয়া এই ঘটনাৰ পৰাই প্ৰমাণ হৈছে বুলি দাবী কৰে মজুমদাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?