--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ৱাশ্বিংটন : এটা ভয়াৱহ দুৰ্ঘটনাত যুৱকজনৰ মুখমণ্ডল অতি বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল। দুয়োখন হাতো হেৰুৱাইছিল দুৰ্ঘটনাত। আমেৰিকাৰ নিউ জাৰ্ছীৰ এই ২২বছৰীয়া যুৱকজনৰ স্বাভাৱিক জীৱন যাপন একপ্ৰকাৰ অসম্ভৱ হৈ উঠিছিল। কিন্তু এদল চিকিৎসকৰ একধৰণৰ চমৎকাৰিত্বৰ জৰিয়তে যুৱকজনে তেওঁৰ জীৱনৰ নতুন সম্ভাৱনা ঘূৰাই পাবলৈ সক্ষম হৈছে। মুখমণ্ডল আৰু দুয়োখন হাত সফলভাৱে সংৰোপন কৰা বিশ্বৰ প্ৰথমজন লোকত পৰিণত হৈছে ২২বছৰীয়া যুৱকজন। তেওঁৰ স্বাস্থ্যৰ চোৱাচিতা কৰা চিকিৎসকৰ দলটোৱে কালি এই কথা ঘোষণা কৰে।

আৰু পঢ়িব পাৰিব : ‘এবাৰ কেঞ্চাৰ ৰোগ নিৰাময় হোৱাৰ পাছত আকৌ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে !’

জো ডিমেঅ’ নামৰ যুৱকজনে নিজৰ কৰ্মক্ষেত্ৰত নিশাৰ ভাগত দায়িত্ব পালন কৰি ঘৰলৈ উভতি অহাৰ সময়ত গাড়ী চলাই থাকোতেই টোপনি গৈছিল আৰু তেওঁৰ গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হয় আৰু পিছত জ্বলি যায়। ২০১৮ চনৰ জুলাই মাহত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত তেওঁৰ জীৱন কোনোমতে ৰক্ষা পৰে যদিও তেওঁৰ শৰীৰ জ্বলি বিকৃত হৈ পৰে। মুখমণ্ডলত অতি বেয়াকৈ জ্বলি যায় যুৱকজনৰ।

তেওঁৰ ওঁঠ আৰু চকুৰ পতাও নষ্ট হৈ যায় দুৰ্ঘটনাৰ ফলত। ‘থাৰ্ড ডিগ্ৰী বাৰ্ন ইনজুৰী’ত ভোগা যুৱকজনক দেহৰ ৮০ শতাংশ অগ্নিদগ্ধ হৈ পৰিছিল। আঢ়ৈ মাহ কোমা অৱস্থাত চিকিৎসাধীন হৈ থকাৰ পাছত তেওঁ সজ্ঞান অৱস্থালৈ আহে যদিও তেওঁৰ স্বাভাৱিক জীৱনৰ বাবে অধিক দীঘলীয়া চিকিৎসাৰ প্ৰয়োজন হয়। শেহতীয়াকৈ তেওঁক নতুন জীৱন দিয়াৰ এক অসাধাৰণ চেষ্টাৰ জৰিয়তে তেওঁৰ মুখমণ্ডল আৰু দুয়োখন হাত সংৰোপন কৰা হয়।

আৰু পঢ়িব পাৰিব : বটদ্ৰৱা কাণ্ডৰ পুনৰাবৃত্তি! কবৰ খান্দি উলিয়ালে মৃত নাৱালিকাক

ডিমেঅ’ই এতিয়া কৈছে যে, জীৱনত এয়া দ্বিতীয়টো সুযোগ তেওঁ লাভ কৰিছে। অন্ধকাৰ সুৰংগৰ শেষত সদায়ে পোহৰৰ অৱস্থিতি থকা বুলি বিশ্বাস কৰি অহা ২২বছৰীয়া জো ডিমেঅ’ৰ এই অস্ত্ৰোপচাৰ সম্পূৰ্ণ সফল হোৱাৰ পাছত শেহতীয়াকৈ তেওঁ সংবাদ মাধ্যমৰ সন্মুখলৈ আহিছে। তেওঁৰ অস্ত্ৰোপটাৰ ২৩ঘণ্টাজুৰি চলিছিল। এন ৱাই ইউ লেংগনৰ মুখমণ্ডল সংৰোপন অভিযানৰ সঞ্চালত ডাঃ এডুৱাৰ্ডো ৰ’ড্ৰিগেজৰ নেতৃত্বত ৯৬জনীয়া স্বাস্থ্যকৰ্মীৰ দলে এই অস্ত্ৰোপচাৰত ভাগ লৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?