--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত ক’ভিড প্ৰতিষেধকৰ নাটনিক লৈ বিতৰ্ক অব্যাহত আছে। বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰক এই প্ৰসংগ লৈ তীব্ৰ সমালোচনা কৰি আহিছে। সমালোচনাৰ ধাৰাবাহিকতা অব্যাহত ৰাখি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি পুনৰ চৰকাৰক আক্ৰমণ কৰিছে। জুমলা হ্যে, ভেকচিন নেহী অৰ্থাৎ জুমলা আছে ভেকচিন নাই বুলি ৰাহুলে কেন্দ্ৰীয় চৰকাৰক কটাক্ষ কৰে।

দিল্লীকে ধৰি কেইবাখনো ৰাজ্যত ভেকচিনৰ নাটনি হোৱা সম্পৰ্কীয় এটা বাতৰি সংলগ্ন কৰি দি তেওঁ ‘ভেকচিন ক’ত’? বুলি প্ৰশ্ন কৰে। কেন্দ্ৰই অৱশ্যে ভেকচিনৰ নাটনিৰ কথা অস্বীকাৰ কৰি আহিছে। ইফালে জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমেও কেন্দ্ৰক ভেকচিনৰ নাটনি প্ৰসংগত সমালোচনা কৰিছে। মঙলবাৰে ওড়িশা, দিল্লী আদি ৰাজ্যত হোৱা নাটনিৰ প্ৰসংগ উত্থাপন কৰি তেওঁ টুইটাৰত লিখিছে, ‘ভেকচিনৰ নাটনি হৈছে সত্য। ভেকচিনৰ উৎপাদন বৃদ্ধি কৰাটো এটা অতিৰঞ্জিত কথা। ভেকচিনৰ আমদানি কৰাটো হৈছে এটা ৰহস্য। এই বছৰৰ ডিচেম্বৰৰ ভিতৰত সকলো প্ৰাপ্তবয়স্ককে টিকাকৰণ কৰাৰ দাবী হৈছে এটা ফোপোলা অহংকাৰ।’ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে প্ৰশ্ন কৰে যে, নতুন স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই প্ৰতিষেধক সম্পৰ্কীয় প্ৰকৃত সত্যৰ সম্ভেদ দেশক দিবনে? তেওঁ লগতে কয়, মোদী মন্ত্ৰীসভাৰ মন্ত্ৰীৰ সংখ্যা বৃদ্ধি পালে কিন্তু দেশত ক’ভিড প্ৰতিষেধকৰ পৰিমাণ বৃদ্ধি নহ’ল। প্ৰতিষেধকৰ নাটনি প্ৰসংগত বাওঁ দলেও কেন্দ্ৰীয় চৰকাৰক চোকা সমালোচনা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?