--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ পত্নীৰ সৈতে পাকিস্তানৰ কি লিংক আছে সেয়া তদন্ত কৰাৰ বাবে অসম আৰক্ষীৰ এছ আই টিয়ে অহা জুন- জুলাই মাহত সাংসদগৰাকীৰ লগতে তেওঁৰ পত্নীক সোধা-পোছা কৰিব। 

বৃহস্পতিবাৰে এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। লোকসেৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিগত সময়ছোৱাত এছ আই টিয়ে বিভিন্ন সংস্থা, ব্যক্তিৰ সৈতে কথা পাতিছে। ইতিমধ্যে তদন্ত প্রক্রিয়া বহুখিনি আগবাঢ়িছে। অহা জুন-জুলাই মাহত সাংসদগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ মতামত গ্ৰহণ কৰি ছেপ্টেম্বৰ মাহৰ ভিতৰত এছ আই টিয়ে নিজৰ প্ৰতিবেদন দাখিল কৰিব।' 

আনহাতে, সাংসদ গগৈ পোন্ধৰ দিন অসম আৰু ভাৰত চৰকাৰক নজনোৱাকৈ ইছলামাবাদত আছিল বুলি জনাই তেওঁ লগতে কয়, 'ৰাইজৰ চকুৰ পৰা আঁতৰি পঞ্জাবৰ তেওঁ আটাৰী সীমান্তৰে পাকিস্তানলৈ গৈছিল। কোনে তেওঁক সীমান্তৰ পৰা ইছলামাবাদলৈ লৈ গ'ল। তেওঁ তাত কি কৰি আছিল? সেয়া এক ডাঙৰ প্রশ্ন। ইতিমধ্যে এছ আই টিয়ে অত্যন্ত গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে। আনকি সাংসদগৰাকীৰ পত্নী পাকিস্তানৰ পৰা আহি নতুন দিল্লীত আন এটা সংস্থাত যোগদান কৰাৰ পাছতো তেওঁ পাকিস্তানৰ পৰাই তিনি বছৰ ধৰি বেতন পাই আছিল। সাংসদগৰাকীৰ পত্নীৰ বেতন উক্ত সংস্থাটোলৈ পাকিস্তানৰ পৰা আহিছিল। এই সকলো তথ্য অসম আৰক্ষীৰ হাতত আছে। 

আনকি এছ আই টিয়ে সংস্থাটোৰ বিষয়াসকলক সোধা-পোছা কৰাৰ সময়ত তেওঁলোকে প্রকাশ কৰিছে যে এই ব্যক্তিগৰাকীক আমাৰ কোনো প্রয়োজন নাছিল। কিন্তু পাকিস্তানৰ পৰা কোৱা হৈছিল যে তেওঁৰ বেতন আমি দিম। তেওঁক আপোনালোকে চাকৰিত ৰাখক।' সাংসদ গগৈৰ পত্নীৰ পাকিস্তান লিংক সন্দর্ভত অনাগত দিনত আৰু বহুতো তথ্য পোহৰলৈ আহিব বুলি অৱগত কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয়, 'এছ আই টিয়ে দাখিল কৰা প্রতিবেদন সদনত দাখিল কৰাৰ লগতে সংবাদ মাধ্যমৰ আগত ৰাজহুৱা কৰা হ'ব। আমি যিমানখিনি পাৰোঁ তদন্ত কৰিম আৰু নোৱৰাখিনি কেন্দ্ৰীয় চৰকাৰৰ সংস্থাক প্রদান কৰিম।' 

প্রণিধানযোগ্য যে একমাত্র পাকিস্তানেই নহয়, নেপাললৈকো গৈছিল সাংসদ গগৈ। মুখ্যমন্ত্রীয়ে প্ৰকাশ কৰা মতে, 'যিসময়ত আই এছ আই নেপালত সক্রিয় হৈ আছিল, সেই সময়ত সাংসদগৰাকী নেপাললৈও গৈছিল। তেওঁ ৰাজহুৱা কামত দেশখনলৈ যোৱা নাছিল। সেয়েহে আমি নেপাল আৰু পাকিস্তানৰ ভ্ৰমণৰ কিবা সম্পর্ক আছে নেকি, সেয়াও পৰীক্ষা কৰি আছোঁ। কিয়নো ইয়াৰ সৈতে দেশৰ সুৰক্ষাৰ বিষয়টো জড়িত হৈ আছে।'

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?