--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰ'জ ভেলীৰ বিনিয়োগকাৰীৰ বাবে গঠন কৰা সম্পত্তি নিষ্পত্তি সমিতিৰ অধ্যক্ষ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ডিকে সেঠৰ হাতত আজি কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্রী পংকজ চৌধুৰীয়ে ৫১৫.৩১ কোটি টকাৰ এখন ডিমাণ্ড ড্রাফ্ট অর্পণ কৰে। 

ডিমাণ্ড ড্রাফ্ট অর্পণ কৰাৰ সময়ত আইন বলৱৎকাৰী সঞ্চালকালয়ৰ (ই ডি) সঞ্চালক ৰাহুল নবীন আৰু আন জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে ৰ'জ ভেলীৰ আইনসংগত বিনিয়োগকাৰীসকলক তেওঁলোকৰ সম্পত্তি ঘূৰাই দিয়াৰ উদ্দেশ্যে এই সম্পত্তি নিষ্পত্তি সমিতিখন গঠন  কৰা হৈছিল। 

সমিতিৰ ওচৰত বৰ্তমানলৈ দাখিল কৰা ৩১ লাখ আৱেদনকাৰীৰ মাজৰ ৭.৫ লাখ ভুক্তভোগীক টকা ঘূৰাই দিবলৈ এই ধন ব্যৱহাৰ কৰা হ'ব বুলি বিত্ত মন্ত্র্যালয়ে এটা বিজ্ঞপ্তিত কয়। ইয়াৰ আগতে ই ডিয়ে সমিতিক ২২ কোটি টকা প্রদান কৰিছিল আৰু ৩২,৩১৯জন বৈধ বিনিয়োগকাৰীক ধন উক্ত ধনৰাশিৰ পৰা ওভতাই দিয়া হৈছিল। 

আজি বিত্ত মন্ত্ৰ্যালয়ে  অর্পণ কৰা ৫১৫.৩১ কোটি টকা ই ডিয়ে ২০১৫-১৭ চনত ২,৯৮৭ টা বেংক একাউন্ট তদন্ত কৰি বাজেয়াপ্ত কৰি লাভ কৰিছিল। উক্ত একাউণ্টবোৰত নিৰীহ লোকৰ পৰা সংগ্ৰহ কৰা ধন সুমুওৱা হৈছিল। মন্ত্ৰ্যালয়ে আৰু জনায় যে ই ডিয়ে ৰ'জ ভেলীৰ বিৰুদ্ধে ধনৰ অবৈধ সৰবৰাহ প্ৰতিৰোধী আইনৰ অধীনত অসম, পশ্চিম বংগ, ওড়িশা আৰু ত্ৰিপুৰাত ৫টা গোচৰৰ তদন্ত কৰি আছে। ই ডিয়ে বিশেষ ন্যায়ালয়ত এই আটাইকেইটা গোচৰৰ অভিযোগনামা দাখিল কৰিছে। ৰ'জ ভেলীয়ে সমাজৰ নিম্নশ্ৰেণীৰ লোকৰ পৰা ভুৱা প্ৰতিশ্ৰুতিৰে ১৭ হাজাৰ ৫২০ কোটি টকা সংগ্ৰহ কৰা বুলি ই ডিৰ তদন্তত প্ৰকাশ পাইছে। ইয়াৰে ৬ হাজাৰ ৬০০ কোটি টকাৰো অধিক ধন বিনিয়োগকাৰীক ঘূৰাই দিয়া হোৱা নাই।

উৎস- দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?