--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী : আজি মহানগৰীৰ ‘তাজ ভিভাণ্টা’ত বিজেপিয়ে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ৷ ইস্তাহাৰ মুকলি কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই৷ এই অনুষ্ঠান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাকে ধৰি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দত্তকে ধৰি দলৰ শীৰ্ষ নেতা উপস্থিত আছিল৷ বান নিয়ন্ত্ৰণকে ধৰি ১০টা বিশেষ সংকল্প ঘোষণা কৰি বিজ্ঞানসন্মতভাৱে বান সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে নাড্ডাই৷ লগতে দেশত নাগৰিকত্ব সংশোধনী আইন বলবৎ হোৱাটো নিশ্চিত বুলি কয়৷

আৰু পঢ়িব পাৰিব : পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি : দাৰ ঘাপত আহত দুজন

তদুপৰি এনআৰচিৰ পৰা অবৈধ লোকৰ নাম কৰ্তনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ কৰাৰো প্ৰতিশ্ৰুতি দিয়ে বিজেপিয়ে৷ ইয়াৰ উপৰি ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত ১ লাখ লোকক চাকৰিৰ প্ৰদান, ১০ লাখ যুৱ উদ্যোগী সৃষ্টি, মিছন শিশু উন্নয়ন অভিযান আৰম্ভ কৰিব বুলি বিজেপিৰ নিৰ্বাচনী ইস্তহাৰত উল্লেখ কৰিছে৷

ৰাজ্যৰ ৩০ লাখ লোক ‘অৰুণোদয়’ আঁচনিত সামৰি লোৱাৰ লগতে আঁচনিৰ ধন ৩ হাজাৰলৈ বৃদ্ধিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ ৰাজ্যৰ পৰ্যটনৰ দিশতো গুৰুত্ব প্ৰদান কৰিব বুলি ইস্তহাৰত উল্লেখ কৰিছে৷ সংকল্প-পত্ৰত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কোনো ব্যৱস্থা নাই৷ লগতে ৬ নম্বৰ দফা কাৰ্যকৰীৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে৷

আৰু পঢ়িব পাৰিব : দুৰ্ঘটনাক কেন্দ্ৰ কৰি দুই যুৱকক আক্ৰমণ উন্মত্ত জনতাৰ !

বিজেপিৰ ইস্তহাৰত উল্লেখিত আছে - অসম সভ্যতাৰ সুৰক্ষা, অসমৰ যুৱ প্ৰজন্মৰ সৱলীকৰণ, অৰ্থনৈতিক সৱলীকৰণ, বানপানীমুক্ত অসম, আন্তঃগাঁঠনি, জনজাতি সম্পৰ্ক আৰু কল্যাণ, কৃষি, অৰ্থনৈতিক বিকাশ, শিক্ষা, স্বাস্থ্য, সমাজ কল্যাণ, অসমৰ সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণ তথা উদযাপন, পৰ্যটন তথা সেউজ অসমকে ধৰি বহুকেইটা বিষয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?