--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নির্বাচনলৈ যিমানেই দিন চমু চাপি আহিছে, সিমানেই স্পষ্ট হৈ পৰিছে প্ৰাৰ্থীসকলৰ জয়-পৰাজয়ৰ ছবিখন। ৮৩নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ কেটেটং, ইন্থেম আৰু পুৰণিপুখুৰী গাঁও পঞ্চায়তক লৈ নতুনকৈ গঠিত পুৰণিপুখুৰী জিলা পৰিষদৰ সমষ্টিটোত প্ৰচাৰৰ ক্ষেত্ৰত অগ্রগতি লাভ কৰিছে বিজেপি প্রার্থী ভাদেশ্বৰ মৰাণে। 

তেওঁৰ বিপক্ষে নির্বাচনী যুঁজত অৱতীৰ্ণ হৈছে অজাপৰ হেম বাহাদুৰ চেত্ৰী, কংগ্ৰেছৰ ডিম্বেশ্বৰ বৰুৱা আৰু নিৰ্দলীয় জেমছ বাগে। বর্তমানলৈকে লোকচক্ষুত নির্বাচনী প্ৰচাৰত অগ্রগতি লাভ কৰিছে জ্যেষ্ঠ বিজেপি নেতা ভাদেশ্বৰ মৰাণে। বাকীসকলে ঠাই বিশেষে ভিতৰুৱাকৈ প্ৰচাৰকাৰ্য অব্যাহত ৰাখিছে যদিও সৰ্বসাধাৰণে জনাকৈ সামাজিক মাধ্যম ব্যৱহাৰ কৰাটো প্রত্যক্ষ হোৱা নাই। 

উল্লেখযোগ্য যে বিজেপিৰ প্রার্থীগৰাকীৰ ব্যতিৰেকে বাকী তিনিওগৰাকী প্রার্থীয়েই পৰিষদীয় সমষ্টিটোৰ বাবে অপৰিচিত লোক। নিৰ্বাচনৰ সামগ্রিক পৰিস্থিতিৰ সন্দৰ্ভত প্রশ্ন কৰাত বিজেপি প্রার্থী ভাদেশ্বৰ মৰাণে কয় যে তেওঁৰ বিজয় নিশ্চিত। 

তেওঁৰ স'তে এগৰাকীও নিকট প্রতিদ্বন্দ্বী নাই বুলি দৃঢ়তাৰে কয়। অৱশ্যে কংগ্ৰেছ আৰু অজাপৰ তুলনাত নিৰ্দলীয় প্রার্থী জেমছ বাগে অধিক ভোট লাভ কৰিব বুলি কৰা তেওঁৰ মন্তব্যই বিশেষ তাৎপর্য বহন কৰিছে। তেওঁৰ মতে তেওঁ পৰিষদীয় এলেকাধীন তিনিওখন পঞ্চায়তক প্রতিনিধিত্ব কৰা আঞ্চলিক পঞ্চায়তৰ সদস্য, ক্রমে মিনাক্ষী গগৈ, অৰুণা গুডুং, অগপ আৰু কুৱাৰী হেমৰমৰ বিজয় নিশ্চিত। কিন্তু দলীয় প্রতীকৰ সলনি নির্দলীয় প্রতীক চিহ্ন ব্যৱহাৰ কৰা অধিকাংশ বার্ড সদস্যৰ জয়-পৰাজয়ৰ অংক ভোট গণনাৰ পাছতহে নিৰ্ণয় হ'ব বুলি সচেতন ব্যক্তি বিশেষে অনুভৱ কৰে। 

উল্লেখযোগ্য যে নিৰ্বাচনৰ পূৰ্বেই কেটেটং গাঁও পঞ্চায়তৰ বিজেপি সমর্থিত তিনিজন বার্ড সদস্য বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী হৈছে। ইয়াৰে ইন্থেম পঞ্চায়তৰ অন্তৰ্গত ৭ নং খাটাংপানী ৱাৰ্ডৰ যুঁজখন উল্লেখনীয় হ'ব বুলি পূর্বানুমান কৰা হৈছে। 

ৱাৰ্ডটোত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে বিজেপি সমর্থিত অনিল মাউত আৰু কংগ্ৰেছ সমর্থিত উইলচন টপ্ল'ৱে। দুয়োজনৰ মাজত চলিবলগীয়া নির্বাচনী যুঁজত কোনে বৈতৰণী অতিক্রম কৰে সেয়া সময়েহে প্রমাণ কৰিব। ইফালে পুৰণি পুখুৰী জিলা পৰিষদ সমষ্টিৰ প্ৰানিৰ্বাচনী ধাৰণা কৰি অজাপৰ নেতৃত্বই কয় যে বিজেপি প্রার্থী ভাদেশ্বৰ মৰাণৰ বিপক্ষে অজাপ প্রার্থী অৱসৰী বেংক পৰিচালক হেম বাহাদুৰ চেত্ৰীয়ে সামাজিক মাধ্যম ব্যৱহাৰৰ পৰিৱৰ্তে 'ছাইলেন্ট কিলাৰ'ৰ ৰূপত নিৰ্বাচনী যুঁজত নামি পৰিছে। হেম বাহাদুৰ চেত্ৰীয়ে ভাদেশ্বৰ মৰাণৰ দৰে জ্যেষ্ঠ বিজেপি নেতাক পৰাভূত কৰিবলৈ বিশেষ ৰণকৌশল তৈয়াৰ কৰিছে বুলিও অজাপৰ 'ছাইলেন্ট নেতৃত্ব'ই এই প্রতিবেদকক জানিবলৈ দিছে। হেম বাহাদুৰক জিকাই নিবলৈ আনকি 'ৰাইজৰ দল'ৰ যুৱ নেতা ৰাহুল চেত্ৰী, মাৰ্ঘেৰিটাৰ বিজেপি নেতৃত্ব বিদ্বেষী একাধিক বিজেপি নেতাকে প্রমুখ্য কৰি বিভিন্নজনে ভিতৰি ভিতৰি হাতে-কামে নামি পৰিছে। এতিয়া সময়েহে প্রমাণ কৰিব কোনে শেষ হাঁহি মাৰে - ভাদেশ্বৰে নে হেম বাহাদুৰে?


উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?