--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সংসদৰ বাজেট অধিৱেশনৰ দ্বিতীয়াংশ সোমবাৰে আৰম্ভ হ'ব। ৪ এপ্ৰিললৈ অনুষ্ঠিত হ'বলগীয়া অধিৱেশনৰ দ্বিতীয় পর্যায়ত ২০ দিন অধিৱেশনৰ কাম-কাজ চলিব। অধিৱেশনৰ সময়ত ২০২৫-২৬ বৰ্ষৰ বাবে অনুদানৰ দাবী আৰু এই সন্দর্ভীয় বিনিয়োজন বিধেয়কৰ বিষয়ত আলোচনা তথা ভোটগ্রহণ হ'ব। 

ইয়াৰ উপৰি বেংক আইন (সংশোধন) বিধেয়ক, উপকূলীয় নৌ-পৰিবহণ বিধেয়ক ২০২৪, প্ৰব্ৰজন আৰু বিদেশীবিধেয়ক, ২০২৫, তথা ৰে'লবে (সংশোধন) বিধেয়ককেইখন আলোচনা আৰু গৃহীত কৰিবলৈ উত্থাপন কৰা হ'ব। 

বাজেট অধিৱেশনৰ দ্বিতীয় অংশ 'এপিক' (ইলেকশ্যন ফটো আইডেনটিটি কার্ড) বা বিভিন্ন ভোটাৰ কাৰ্ডৰ একেটা নম্বৰ, সীমা পুনৰ নিৰ্ধাৰণ আৰু ত্ৰিভাষা নীতিৰ জৰিয়তে হিন্দী ভাষা জাপি দিয়া আদি অভিযোগেৰে উত্তপ্ত হৈ পৰাৰ আশংকা আছে। ইফালে চৰকাৰে এই অংশতে জোৰ দিব বাক্‌ফ বিধেয়ক গৃহীত কৰাত। আমেৰিকাৰ পৰা ভাৰতীয় অবৈধ প্ৰব্ৰজনকাৰীক বিতাৰণ তথা আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে ভাৰতৰ বিৰুদ্ধে উচ্চ হাৰত শুল্ক আৰোপ কৰাৰ বিষয়ো অধিৱেশনত বিৰোধীৰ বাবে চৰকাৰৰ বিৰুদ্ধে পাশুপাট অস্ত্র হৈ পৰিব পাৰে। বাজেট অধিৱেশনৰ প্রথম অংশ অনুষ্ঠিত হৈছিল ২১ জানুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ। প্রথম অংশত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৰে যুটীয়া সদনত ভাষণ দিছিল তথা বিত্ত মন্ত্রী নির্মলা সীতাৰমণে কেন্দ্রীয় বাজেট দাখিল কৰিছিল।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?