ডিজিটেল ডেস্কঃ কাটাৰত খোলা-মেলা পোছাক পৰিধান কৰি অৱশেষত নিৰাপত্তাৰক্ষীৰ ৰোষৰ বলি হ’ল ক্ৰৱেশ্চিয়াৰ মডেল ইভানা নল। বিশ্বকাপৰ আৰম্ভণিৰে পৰাই চৰ্চাত আছিল ইভানা।
নিজৰ দেশৰ সমৰ্থনত কাটাৰত উতনুৱা হৈ পৰিছিল ইভানা। শুক্ৰবাৰেও ব্ৰাজিলৰ বিৰুদ্ধে ক্ৰ’ৱেশ্চিয়াই কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হওঁতে অত্যন্ত খোলা-মেলা পোছাক পৰিধান কৰি এডুকেছন চিটি ষ্টেডিয়ামত হাজিৰ হয় ইভানা। তাৰপাছতে নিৰাপত্তাৰক্ষীৰ চকুত পৰে তেওঁ।
নিৰাপত্তাৰক্ষীসকলে দাবী কৰে যে ব্ৰাজিলৰ স’তে হোৱা মেচখনত খোলা-মেলা পোছাকৰ সকলো মাত্ৰা ছেৰাই গৈছিল ইভানাই। খেলখনত এটা ৰঙা অন্তৰ্বাস আৰু গাতে লাগি থকা ৰঙা-বগা পেণ্ট পিন্ধি আহিছিল ইভানা। এয়া আছিল ক্ৰ’ৱেশ্চিয়াৰ জাতীয় পতাকাৰ ৰং।
ষ্টেডিয়ামৰ গেলেৰীত খেল চাই থাকোতেই ইভানাক নিৰাপত্তাৰক্ষীসকলে প্ৰশ্ন কৰে। সৃষ্টি হয় বাক-বিতণ্ডাৰ। অৱশ্যে কিছু সময় পাছতে পৰিস্থিতি সাম কাটে আৰু ইভানাইও নিজৰ ঠাইত বহি থাকে।
উল্লেখ্য যে ইভানা নল ক্ৰ’ৱেশ্চিয়াৰ এগৰাকী আগশাৰীৰ মডেল। ‘মিছ ক্ৰ’ৱেশ্চিয়া’ও হৈছিল মডেলগৰাকী। ২০১৮ চনৰ বিশ্বকাপতো ক্ৰ’ৱেশ্চিয়াক সমৰ্থন জনাই চৰ্চাত আছিল ইভানা।