--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বব্ৰহ্মাণ্ডৰ ন-ন তথ্য উদঘাটনেৰে বিজ্ঞানৰ জয়যাত্ৰাত সদায়ে ব্ৰতী হৈ আহিছে বিজ্ঞানীসকল। আমি বাস কৰা পৃথিৱীখনৰ আদিম ৰূপটোনো কেনে আছিল বা কিদৰে এই গ্ৰহটো মানুহ তথা অন্য জীৱৰ বসবাসৰ যোগ্য হৈ পৰিছিল, সেই প্ৰশ্নসমূহে মানুহৰ মনত সদায়ে এক ক্ৰিয়া কৰি থাকে। আৰু মানুহৰ মনত উদয় হোৱা এনেবোৰ প্ৰশ্নৰ উত্তৰৰ সন্ধানত বিজ্ঞানীসকলে অহৰহ চলাই আছে গৱেষণা। এই গৱেষণাৰে অংশ হিচাপে শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ কাৰ্টিন বিশ্ববিদ্যালয়ৰ এটি গৱেষকৰ দলে লাভ কৰিছে চমকপ্ৰদ সাফল্য। বিশ্ববিদ্যালয়খনৰ গৱেষক দলটোৱে দক্ষিণ অষ্ট্ৰেলিয়াৰ ভূপৃষ্ঠৰ তলত উদ্ধাৰ কৰিছে ৪ বিলিয়ন বছৰ পুৰণি ভূত্বকৰ টুকুৰা।

সাধাৰণতে ভূ-বিজ্ঞানী সকলে ভূপৃষ্ঠৰ তলত কি আছে সেয়া জানিবলৈ খনন নকৰাকৈও আন কিছু বিভিন্ন সংকেত ব্যৱহাৰ কৰিব পাৰে। সাগৰৰ পাৰত পোৱা খনিজ পদাৰ্থত মানুহৰ চুলিতকৈ পাতল চুপাৰ-ফাইন লেজাৰ নিক্ষেপ কৰি সন্ধান চলায় গৱেষক সকলে। এই কৌশল ব্যৱহাৰ কৰিয়ে কাৰ্টিন বিশ্ববিদ্যালয়ৰ গৱেষকসকলে পৃথিৱীৰ ভূত্বকৰ ৪ বিলিয়ন বছৰ পুৰণি টুকুৰাটো চিনাক্ত কৰিছে। 

এই আৱিষ্কাৰে পৃথিৱীখন কিদৰে জীৱৰ বসবাসৰ অযোগ্যৰ পৰা সহাৱস্থানৰ এক পাৰিপাৰ্শ্বিক পৰিস্থিতি গঢ়ি তুলিছিল, তাৰ এক সংকেত প্ৰদান কৰিবলৈ সক্ষম হ'ব পাৰে। গৱেষকসকলে ভূত্বকৰ বিশাল বিস্তাৰে শিলৰ গঠনত যথেষ্ট প্ৰভাৱ পেলাইছিল বুলি ধাৰণা কৰিছে। এই গৱেষণা প্ৰতিবেদনটো কিছু দিন পূৰ্বে টেৰা নোভা আলোচনীত প্ৰকাশিত হৈছে। কাৰ্টিন বিশ্ববিদ্যালয়ৰ ভূবিজ্ঞানৰ পিএইচডি শিক্ষাৰ্থী আৰু এই গৱেষণা প্ৰতিবেদনটোৰ মুখ্য লেখক মেক্সিমিলিয়ান ড্ৰৱেলনাৰে কয় যে এই গৱেষণাৰ ফলাফলবোৰ পূৰ্বে লাভ কৰা তথ্যৰ সৈতে তুলনা কৰোঁতে পৃথিৱীৰ বহুতো অঞ্চলত প্ৰাৰম্ভিক ভূত্বক গঠন আৰু সংৰক্ষণৰ একেই সময় দেখিবলৈ পোৱা যায়।

এই ভূত্বকৰ প্ৰকাৰটোৱে প্ৰায় ৪ বিলিয়ন বছৰ পূৰ্বে পৃথিৱীৰ বিৱৰ্তনত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ আভাস দিছে। বিজ্ঞানীসকলৰ গৱেষণা অনুসৰি সেই সময়তে উল্কাপিণ্ডৰ বিস্ফোৰণ হ্ৰাস পাইছিল আৰু  ভূত্বক স্থিৰ হৈছিল। লগতে পৃথিৱীত জীৱৰ বসবাসৰ উপযোগী পাৰিপাৰ্শ্বিক অৱস্থা এই সময়ৰ পৰাই গঢ় ল'বলৈ আৰম্ভ কৰিছিল বুলি বিজ্ঞানীসকলে সদৰি কৰিছিল।

গৱেষণাৰ বাবে পশ্চিম অষ্ট্ৰেলিয়াৰ নদী আৰু সমুদ্ৰ তীৰৰ বালি নমুনা হিচাপে গ্ৰহণ কৰা হৈছিল। গৱেষণাৰ দ্বাৰা এই অঞ্চলটোত ভূপৃষ্ঠৰ তলত থকা স্ফটিক আধাৰৰ বিষয়ে এক নিৰ্দিষ্ট তথ্য প্ৰদান কৰিছিল আৰু সময়ৰ লগে লগে অঞ্চলটোৰ ভূ-বিজ্ঞান কেনেদৰে গঢ় লৈ উঠিছিল তাৰ ধাৰণা লাভ কৰাৰ ক্ষেত্ৰত গৱেষক সকলক উপকৃত কৰিছিল। লগতে বিজ্ঞানীসকলক ভূপৃষ্ঠৰ তলত থকা অন্য উপাদানসমূহ বৰ্তমান অৱস্থাত কেনেদৰে আছে আৰু কেনেদৰ বিকশিত হ'ব পাৰে, সেয়া নিৰ্ধাৰণ কৰাত সহায় কৰিব বুলিও অনুমান কৰা হৈছে।

কাৰ্টিন বিশ্ববিদ্যালয়ৰ গৱেষণা চুপাৰভাইজাৰ ভূবিজ্ঞানী মিলো বাৰহামৰ ভাষ্য অনুসৰি প্ৰাচীন ভূত্বকৰ টুকুৰাটোৰ কাষটোৱে এক গুৰুত্বপূৰ্ণ ভূত্বকীয় সীমা নিৰ্ধাৰণ কৰা দেখা যায়, য'ত অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ পোৱাৰ সম্ভাৱনা লক্ষ্য কৰা হয়। অনুকূলিত বহনক্ষম সম্পদ অন্বেষণৰ ভৱিষ্যতৰ বাবে এই প্ৰাচীন ভূত্বকীয় অৱশিষ্টবোৰ চিনাক্ত কৰাটো গুৰুত্বপূৰ্ণ বুলি বাৰহামে মত পোষণ কৰে।

ইয়াৰ উপৰিও গৱেষণাটোত বৰ্ণনা কৰা অধ্যয়নৰ ফলাফলে বিশ্বব্ৰহ্মাণ্ডৰ অন্য গ্ৰহসমূহৰ ওপৰত গৱেষণা কৰি থকা বিজ্ঞানীসকলক এই গ্ৰহবোৰ কেনেদৰে গঠন হয়, গ্ৰহবোৰৰ প্ৰাচীনতম ভূত্বকৰ কেনেদৰে আকাৰ দিয়া হয়, আনকি সেই গ্ৰহবোৰৰ ওপৰত কেনেদৰে ভৱিষ্যতে জীৱৰ বাসোপযোগী অৱস্থা গ্ৰহ ল'ব পাৰে সেই সম্পৰ্কে ধাৰণা কৰাটো সহায় কৰিব পাৰে বুলিও বিজ্ঞানী গৰাকীয়ে লগতে কয়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?