--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অসমীয়া সমাজত কৰ্দৈ অতি জনপ্ৰিয় টেঙা। যাৰ বৈজ্ঞানিক নাম Averrhoa Carambola । কৈৰ্দত বহুতো ভিটামিন, খনিজ দ্ৰব্য এণ্টিঅক্সিডেণ্ট আদি থকাৰ উপৰি ফাইবাৰ, প্ৰটিন, ভিটামিন-চি, ভিটামিন-বি, কেলচিয়াম, ছডিয়াম, পটাছিয়াম আৰু মেগনেছিয়ামৰ প্ৰধান উৎস বুলি কোৱা হয়।গ্ৰাম্য জীৱনত কৰ্দৈৰ জনপ্ৰিয়তা অধিক দেখা যায়। ইয়াক ৰান্ধি অথবা কেঁচাই খালেও উপকাৰিতা লাভ কৰিব পাৰি।
জানো আহক ইয়াৰ উপকাৰিতাসমূহ-
১) কৰ্দৈ অধিক ফাইবাৰযুক্ত হোৱা হেতুকে দেহত কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰাৰ শক্তি থকাৰ উপৰি ফাইবাৰসমূহে দেহৰ toxicity হ্ৰাস কৰে যাৰ বাবে কেন্সাৰৰ আশংকা হ্ৰাস হয়।
২) ছালৰ ৰোগ চৰাইছিছ আৰু ডাৰমটাইটিছ প্ৰশমনৰ বাবে উপকাৰী বুলিব পাৰি। কাৰণ কৰ্দৈত থকা উচ্চ গুণম্পন্ন এণ্টিঅক্সিডেণ্টৰ বাবে অতি উপকাৰী বুলি জনা যায়।
৩) এই টেঙাজাতীয় ফলবিধ চৰ্বিশূন্য কিন্তু ফাইবাৰ অধিক পৰিমাণে থাকে বাবে শৰীৰৰ বিপাকীয় কাৰ্য ক্ষিপ্ৰতাৰ হয় । ফলত দেহত অতি মেদবহুলতা সমস্যাসমূহ নিয়ন্ত্ৰণ কৰিব পাৰি।
৪)কৰ্দৈত ভিটামিন-চি আৰু এণ্টিঅক্সিডেণ্টসমূহে তেজৰ শ্বেতৰক্ত কণিকা গঠনত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।
৫) ইয়াৰ ইনফ্লেমেটৰি গুণ থকাৰ বাবে ডিঙিৰ খুচখুচনি দূৰ কৰা, হাওঁফাওঁত জমা হোৱা কফ নিঃসৰণ কৰাত সহায়ক হয়।
৬)ইয়াৰ থকা ছডিয়াম, পটেছিয়ামে তেজৰ ইলেক্ট্ৰলাইট সমতুল্য কৰি ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে, হৃদযন্ত্ৰৰ স্পন্দন নিয়ন্ত্ৰণ, দেহত ৰক্ত সঞ্চালন কৰি কেলচিয়ামে ৰক্ত পৰিবাহী শিৰা বা ধমনীৰ সঠিক কৰি হাৰ্টএটেকৰ আশংকা দূৰ কৰিব পাৰে।
৭) কোষ্ঠকাঠিন্যৰ সমস্যা, ডিচেণ্ট্ৰি আদিতো এই ফল উপকাৰী বুলিব পাৰি। কিন্তু কৰ্দৈ খাওঁতে সাৱধান হওক। কাৰণ বৃক্ক ৰোগত কৰ্দৈ টেঙা অপকাৰী হোৱাৰ লগতে ইয়াত এবিধ বিষাক্ত দ্ৰব্য 'নিউটক্সিন' নামৰ এবিধ কাৰাম্বন্ধিন থাকে। যিয়ে মানৱ শৰীৰত মগজু আৰু স্নায়ু সমস্যাৰ সৃষ্টি কৰিব পাৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?