--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্ক: আপ অসমে বুধবাৰে কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তক এক প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে আদৰণি জনাইছে৷ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে ৰাজ্য চৰকাৰে অসম চুক্তিৰ ৬ নং দফা সংক্ৰান্তীয় বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদনৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে। 

চৰকাৰখনে প্ৰতিবেদনত উল্লেখিত ৬৭ টা পৰামৰ্শৰ ৫৭ টা ৰূপায়ন কৰি বাকী ১০ টা দফা ৰূপায়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে কথা পাতিব বুলি ব্যক্ত কৰিছে যদিও এই ক্ষেত্ৰত আম আদমী পাৰ্টিৰ নেতাগৰাকীয়ে কয় যে চৰকাৰে নিৰ্দ্ধাৰিত সময় সীমাৰ ভিতৰত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদনৰ ৬৭ টা পৰামৰ্শই কাৰ্যকৰী কৰা উচিত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৫৭ টা পৰামৰ্শ ৰাজ্য চৰকাৰে ৰূপায়নৰ সিদ্ধান্ত গ্ৰহণ কৰি বাকী ১০ টা কেন্দ্ৰীয় চৰকাৰৰ বিষয় বুলি কৈ খিলঞ্জীয়া জনসাধাৰণৰ সাংবিধানিক সুৰক্ষাৰ বিষয়টো পুনৰ এক অনিশ্চয়তাৰ দিশলৈ ঠেলি দিব নোৱাৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা বক্তব্যই এই বিষয়টোত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত যে সমন্বয় নাই সেই কথা স্পষ্ট কৰিছে।

আনহাতে, আপৰ আন এগৰাকী জ্যেষ্ঠ নেতা তথা দলৰ ৰাজ্যিক ৱৰ্কিং কমিটীৰ সদস্য ৰাজীৱ শইকীয়াই অসমবাসীৰ জ্ঞাতাৰ্থে বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ সম্পূৰ্ণ প্ৰতিবেদন ৰাজহুৱা কৰিবৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনায়। বিগত দিনত বিভিন্ন ৰাজনৈতিক দল-সংগঠনে এই সন্দৰ্ভত দাবী জনোৱা সত্বেও চৰকাৰে কমিটীৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ পৰা বিৰত আছে। ৰাজ্য চৰকাৰৰ এই স্থিতিক ৰহস্যজনক বুলি অভিহিত কৰে ৰাজীৱ শইকীয়াই।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?