--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কে জি এফ ছবিৰ জৰিয়তে সমগ্ৰ ভাৰত জুৰি জনপ্ৰিয়তাৰ শীৰ্ষত উপনিত হোৱা কানাড়া চিনেমাৰ জনিপ্ৰিয় অভিনেতা যশ এতিয়া ভাৰতীয় চিনেমাৰ আটাইতকৈ দামী খলনায়ক হিচাপে পৰিগণিত হৈছে। শেহতীয়া খবৰ অনুসৰি অভিনেতা গৰাকীয়ে পৰৱৰ্তী ছবিৰ বাবে লোৱা মাচুল ভাৰতীয় অভিনেতাসকলে গ্ৰহণ কৰা মাচুলতকৈ অধিক। 

অভিনেতাগৰাকীয়ে পৰৱৰ্তী ছবি ৰামায়ণৰ বাবে ২০০ কোটি টকা মাচুল গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে৷ ইয়াৰ উপৰিও ছবিখনৰ বিতৰণতো অভিনেতাগৰাকীৰ অংশীদাৰিত্ব থাকিব বুলি জনাইছে। অভিনেতা গৰাকীয়ে ৰামায়ণত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰাৰ বাবদত এই বৃহৎ অংকৰ মাচুল গ্ৰহণ কৰিছে।

অভন্তা গৰাকীয়ে গ্ৰহণ কৰা ২০০ কোটি টকাৰ মাচুল ভাৰতীয় চিনেমাৰ যিকোনো অভিনেতাৰ মাচুলতকৈ বহু বেছি।ছবিখনত ৰামৰ চৰিত্ৰত অভিনয় কৰা ৰণবীৰ কাপুৰেও এনে বৃহৎ আংকৰ মাচুল লাভ কৰা নাই।শ্বাহৰুখ খান, প্ৰভাস, ছলমান খানৰ দৰে সুপৰিচিত তাৰকাৰ মাচুলো প্ৰায় ১৫০-১৬০ কোটি টকা হোৱাৰ বিপৰীতে যশৰ মাচুলে সকলোকে পিছ পেলাই গৈছে।

যদি কেৱল খলনায়কৰ চৰিত্ৰত অভিনয় কৰা বাবে আটাইতকৈ বেছি মাচুল লোৱা অভিনেতাৰ কথা কোৱা হয় তেন্তে যশৰ আগত কমল হাছানে বৃহৎ আংকৰ মাননি লৈছিল। কমল হাছানে ২৮৯৮ খ্ৰীষ্টাব্দ-কল্কিৰ ছবি খনৰ বাবে প্ৰায় ৪০ কোটি টকা আদায় কৰিছিল। এইদৰে তেওঁ আটাইতকৈ দামী খলনায়ক হিচাপে পৰিগণিত হৈছিল। কিন্তু যশে ৰামায়ন ছবিখনৰ বাবে ৰাৱনৰ চৰিত্ৰত অভিনয়ৰ বাবে ২০০ কোটিৰ মাননি গ্ৰহণ কৰি আটাইতকৈ দামী খলনায়ক হিচাপে পৰিগণিত হৈছে৷ যশ নামেৰে পৰিছিত জনপ্ৰিয় অভনেতী গৰাকীৰ প্ৰকৃত নাম নবীন কুমাৰ গৌড়া। অভিনেতাগৰাকীৰ ৰামায়ণৰ উপৰিও আন এখন ছবি টক্সিকও আহি আছে। টক্সিক ছবিখনত অভিনয় কৰাৰ লগতে ছবিখনৰ প্ৰযোজনাও কৰিছে অভিনেতা গৰাকীয়ে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?