--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : বিশ্বৰ প্ৰান্তে প্ৰান্তে এতিয়া কৰ’না ভাইৰাছৰ সন্ত্ৰাস। মৃত্যু মিছিলত সমগ্ৰ বিশ্বত। এইপৰ্যন্ত ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ৩০লাখ লোক। কিন্তু চিন্তিত আৰু উদ্বিগ্ন দেশবাসী। কাৰণ, ক’ভিড-১৯ৰ সমান্তৰালকৈ দেশত এতিয়া বাৰ্ড ফ্লুয়ো আতংক বৃদ্ধি কৰিছে। চলিত বৰ্ষৰ আৰম্ভণিতে ৰাছিয়াৰ পোলট্ৰি ফাৰ্ম এখনত বাৰ্ড ফ্লুৰ তাণ্ডৱ পৰিলক্ষিত হৈছিল। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৮লাখ কুকুৰা মাৰি পেলোৱাৰ সিদ্ধান্ত লৈছিল ৰাছিয়াই।

আৰু পঢ়িব পাৰিব: নাতিনীয়েকক যৌন নিৰ্যাতনৰ অপচেষ্টা ! গ্ৰেপ্তাৰ হোৱা নাই অভিযুক্ত


ৰাছিয়াৰ তৰফৰ পৰা এই ভাইৰাছটো পৰীক্ষা কৰি জানিবলৈ পোৱা গৈছে যে, ‘এই ভাইৰাছটি Avian Flu-ৰ H5N8 ষ্ট্ৰেইন, যিটো অত্যন্ত ভয়াৱহ। ইউৰোপত এই ভাইৰাছৰ প্ৰকোপত লক্ষাধিক কুকুৰা মৃত্যুমুখত পৰিছে। চিন্তাৰ বিষয়, এই ভাইৰাছৰ সংক্ৰমণ কেবল কুকুৰা মাজতে সীমাবদ্ধ হৈ থকা নাই, আমেৰিকাৰ পোলট্ৰি ফাৰ্মত কৰ্মৰত একাংশৰ দেহত সংক্ৰমিত হৈছে এই ভাইৰাছ।

ইউৰোপ তথা এছিয়াত ২০২০বৰ্ষৰ ২৫ ডিচেম্বৰ পৰা ২০২১চনৰ ১৪জানুৱাৰীৰ মাজৰ সময়ছোৱাত Avian-Flu সংক্ৰমিত ৭০লাখ কুকুৰা মৃত্যুমুখত পৰিছে। ফেব্ৰুৱাৰী মাহত ৰাছিয়াৰ স্বাস্থ্য বিভাগৰ কৰ্তৃপক্ষই সদৰি কৰিছিল যে, ‘পোলট্ৰি ফাৰ্মৰ সৈতে জড়িত সংশ্লিষ্ট দেশৰ ২০০গৰাকী ব্যক্তিক এইপৰ্যন্ত পৰীক্ষা কৰা হৈছিল আৰু ৭জনৰ দেহত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল। যদিও তেওঁলোকৰ কোনেও আশা কৰাধৰণে অসুস্থ হোৱা নাই।

আৰু পঢ়িব পাৰিব: ভাৰতত ক্ৰমাগত পঞ্চম দিনৰ বাবে কৰ’নাত আক্ৰান্তৰ অভিলেখ !

কিন্তু মানুহৰ দেহত এই ভাইৰাছ সংক্ৰমিত হোৱাৰ প্ৰৱণতা অধিক। ইয়াকে লৈ চিন্তিত বিশেষজ্ঞ মহল। ICAHN স্কুল অৱ মেডিচিন-ৰ গৱেষক ডাঃ ফ্লোৰিয়ান ক্ৰামিয়ে সদৰি কৰিছে যে, ‘'Avian-Fluৰ H5N1 স্ট্ৰেইন ইতিমধ্যে মানুহৰ শৰীৰত সংক্ৰমিত হৈছিল। ২০১৩চনত H7N9ত সংক্ৰমিত হৈছিল ১৫০০জন ইয়াৰে ভিতৰত ৬০০জন মৃত্যুমুখত পৰিছিল। এই ভাইৰাছ মানুহৰ পৰা মানুহলৈ সংক্ৰমণ হয় যদিও বাৰ্ড ফ্লুৰ এই স্ট্ৰেইনটোক লৈ চিন্তিত হোৱাৰ প্ৰয়োজন নাই বুলি সদৰি কৰিছে বিশেষজ্ঞ মহলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?