--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমেৰিকাৰ কেলিফর্নিয়াৰ চিনো হিলছত থকা বি এ পি এছ শ্রী স্বামীনাৰায়ণ হিন্দু মন্দিৰ শনিবাৰে দুস্কৃতিকাৰীয়ে লণ্ডভণ্ড কৰে। বিশেষকৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি দুস্কৃতিকাৰীবোৰে মন্দিৰটোত লণ্ডভণ্ড কৰে। 

ইয়াৰ পাছতে চিনো হিলছ আৰু দক্ষিণ কেলিফর্নিয়াৰ হিন্দু সম্প্ৰদায়ৰ লোকসকলে উত্তাল প্রতিবাদ সাব্যস্ত কৰে। ২০১২চনত উদ্বোধন কৰা এই মন্দিৰটো লণ্ডভণ্ড কৰাত খালিস্তানিপন্থী লোকৰ হাত আছে বুলি সন্দেহ কৰা হৈছে। 

দুস্কৃতিকাৰীবোৰে মন্দিৰটো লণ্ডভণ্ড কৰাৰ লগতে প্রধানমন্ত্রী মোদী আৰু হিন্দু বিৰোধী কিছুমান লেখা দেৱালত অংকণ বৰ্বৰ কাৰ্যক ভাৰতে তাৎক্ষনিকভাৱে গৰিহণা দিয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে কয় যে ভাৰতে আমেৰিকাৰ স্থানীয় আইন প্রয়োগকাৰী কৰ্তৃপক্ষক এই কাৰ্য সংঘটিত কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে। 

ভাৰতে লগতে হিন্দু উপাসনা থলীসমূহত পর্যাপ্ত নিৰাপত্তা নিশ্চিত কৰাৰ বাবেও মার্কিন প্রশাসনক অনুৰোধ 'জনায়। উল্লেখযোগ্য যে লছ এঞ্জেলছত হ'বলগীয়া 'খালিস্তান গণভোট' অনুষ্ঠানৰ পূৰ্বে এই ঘটনাটো ঘটে। হিন্দু সংগঠনসমূহে এই ঘটনাক কঠোৰভাৱে গৰিহণা দিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?