--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চলিত বিত্তীয় বর্ষ সমাপ্ত হ'বলৈ মাজত মাথোঁ এটা মাহ বাকী আছে। কিন্তু এতিয়াও কেন্দ্ৰীয় চৰকাৰে বাজেটত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ধার্য কৰা ধনৰ সিংহভাগেই ব্যয় কৰিব পৰা নাই। এনেদৰে নিৰ্দিষ্ট সময়ত ধন ব্যয় কৰিব নোৱৰাত এতিয়া উদ্বিগ্ন হৈ পৰিছে ড'নাৰ মন্ত্ৰ্যালয়। 

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ ৫৭টা মন্ত্ৰ্যালয়ে নিজা নিজা বাজেটৰ দহ শতাংশ ধন উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ব্যয় কৰিব লাগে। 

সেই অনুসৰি চলিত বিত্তীয় বৰ্ষৰ বাজেটত (সংশোধিত) উত্তৰ-পূবৰ বাবে ধাৰ্য কৰা ধনৰ পৰিমাণ আছিল ৮৭,৭৩৫.৯৬ কোটি টকা। কিন্তু এই বৃহৎ পৰিমাণৰ ধনৰ ভিতৰত যোৱা ২৭ জানুৱাৰীলৈকে মাত্র ৫৯.৬৮ শতাংশ ধনহে ব্যয় হৈছে। জানিব পৰা মতে, মন্ত্ৰ্যালয়সমূহে ধন ব্যয় কৰিব নোৱৰা বিষয়টোক লৈ যোৱা ২৭ জানুৱাৰীত ড'নাৰ মন্ত্ৰ্যালয়ে এখন বিশেষ বৈঠকৰো আয়োজন কৰিছিল। উক্ত বৈঠকত প্রতিটো মন্ত্ৰ্যালয়কে মাৰ্চৰ ভিতৰত বাকী থকা ধন যিকোনো প্ৰকাৰে ব্যয় কৰাৰ নিৰ্দেশ দিয়ে। ইয়াৰ পাছত শেহতীয়াকৈ ড'নাৰ মন্ত্ৰ্যালয়ে প্রকাশ কৰা এক প্রতিবেদন অনুসৰি ধন ব্যয়ৰ ক্ষেত্ৰত সকলোতকৈ পিছপৰি আছে কৃষি মন্ত্ৰ্যালয়। কৃষি মন্ত্ৰ্যালয়ৰ অধীনত উত্তৰ-পূবৰ বাবে বাজেটত ১৩,৬৭৫.২ কোটি টকা ধাৰ্য কৰা হৈছিল যদিও ব্যয় হৈছে মাত্র ২২১৩ কোটি টকাহে। অর্থাৎ, মাত্র ১৬.১৮ শতাংশ ধনহে ব্যয় হৈছে। একেদৰে পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্র্যালয়েও এতিয়ালৈকে বাজেটত ধাৰ্য কৰা ধনৰ মাত্র ৪৭.৩৮ শতাংশ ধনহে ব্যয় কৰিছে। অথচ চলিত বিত্তীয় বর্ষৰ্ষত পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰ্যালয়ে উত্তৰ-পূবৰ বাবে ধাৰ্য কৰিছিল ১৯,৪৪৫ কোটি টকা। এই ধনৰ ভিতৰত এতিয়ালৈকে ব্যয় কৰিব পাৰিছে ৯২১৩.৩১ কোটি টকাহে। 

একেদৰে স্বাস্থ্য, শিক্ষা আদি আন কেইবাটাও গুৰুত্বপূৰ্ণ মন্ত্র্যালয়ে এতিয়ালৈকে ৬০ শতাংশ ধনো ব্যয় কৰিব পৰা নাই। অথচ চলিত বিত্তীয় বর্ষ সমাপ্ত হ'বলৈ মাত্র কেইটামান দিনহে বাকী আছে। ইফালে পি এম ডিভাইন আঁচনিৰ ধনো অসম তথা উত্তৰ-পূবত সঠিকভাবে ব্যয় নোহোৱাৰ সন্দৰ্ভত বৈঠকত বিস্তৃতভাৱে আলোচনা কৰা হয়। তথ্য অনুসৰি উত্তৰ-পূবৰ বাবে গ্রহণ কৰা পি এম ডিভাইন আঁচনিৰ নামত যোৱা ৩১ ডিচেম্বৰলৈকে ৩৬টা প্ৰকল্পৰ নামত ৪৯২৭.২২ কোটি টকা অনুমোদন জনোৱা হৈছে। ইয়াৰে ভিতৰত এতিয়ালৈকে মাত্র ১২১.২১ কোটি টকা ব্যয়সাপেক্ষ দুটা প্রকল্পহে সম্পূর্ণ হৈছে। কাম সম্পূর্ণ হোৱা দুয়োটা প্রকল্পই হৈছে ছিকিমৰ। ইয়াৰ বিপৰীতে পি এম ডিভাইন আঁচনিৰ অধীনত অসমৰ বাবে অনুমোদিত প্ৰকল্পৰ সংখ্যা হৈছে পাঁচটা। কিন্তু উক্ত পাঁচটা প্ৰকল্পৰ ভিতৰত এটা প্রকল্পও এতিয়ালৈকে সম্পূর্ণ হোৱা নাই। তথ্য অনুসৰি অসমৰ প্ৰকল্পকেইটা হৈছে ক্রমে কামৰূপ জিলাৰ বিছখন বিদ্যালয়ক চেণ্টাৰ অব্ এক্সেলেন্সলৈ ৰূপান্তৰ, কামাখ্যাৰ মন্দিৰলৈ কৰিডৰ নিৰ্মাণ, শিৱসাগৰ জিলাত চিকিৎসা মহাবিদ্যালয় (এশখন আসন) স্থাপন, ধাৰাপুৰৰ পৰা বিমান বন্দৰ সংযোগী চাৰিলেনযুক্ত পথ নিৰ্মাণ আৰু বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত এটা দক্ষতা বিকাশ কেন্দ্র স্থাপন। কিন্তু উক্ত প্রকল্পসমূহৰ কামৰ অগ্রগতিক লৈও ড'নাৰ মন্ত্ৰ্যালয়ে উদ্বিগ্নতা ব্যক্ত কৰিছে।

উৎসঃ দৈনিক জনমভূমি 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?