ডিজিটেল ডেস্ক: দীপাৱলীৰ আগে আগে চৰকাৰে সাধাৰণ জনতাক দিছে এটা বৃহৎ উপহাৰ । চৰকাৰে এতিয়া গ্ৰাহকক সুলভ মূল্যত খাদ্য যোগান ধৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে। সুলভ মূল্যত দাইল আৰু পিঁয়াজ যোগান ধৰাৰ কথা ঘোষণা কৰিছে চৰকাৰে। আজি গ্ৰাহক মন্ত্ৰণালয়ে জনোৱা মতে, দীপাৱলীত খাদ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণত ৰাখিবলৈ সকলো প্ৰচেষ্টা হাতত লোৱা হৈছে।
গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি, এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰি চৰকাৰে অতি কম খৰচত ৰাজ্যসমূহক দাইল যোগান ধৰাৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় চৰকাৰে মাহজাতীয় শস্যৰ দাম ৮ টকা কৰ্তন কৰি একে দামত ৰাজ্যসমূহক দাইল যোগান ধৰিব।
ইয়াৰ বাহিৰেও চৰকাৰে পিঁয়াজৰ দাম হ্ৰাস কৰিছে। গ্ৰাহক মন্ত্ৰণালয়ে জনোৱা মতে, বজাৰত পিয়াঁজৰ নাটনিৰ পৰা হাত সাৰিবলৈ চৰকাৰে উৎসৱৰ দিনা বাফাৰ ষ্টকৰ পৰা পিঁয়াজ যোগান ধৰিছে।
চৰকাৰে দিয়া তথ্য অনুসৰি বৰ্তমান চৰকাৰৰ হাতত প্ৰায় ৪৩ টন মাহজাতীয় শস্যৰ মজুত আছে। উৎসৱৰ পূৰ্বেও চৰকাৰে ৰাজ্যসমূহক সুলভ মূল্যত দাইল যোগান ধৰিছিল। উল্লেখযোগ্য যে এতিয়ালৈকে কেন্দ্রীয় চৰকাৰে ৰাজ্যসমূহক ৮৮ হাজাৰ টন দাইল যোগান ধৰিছে৷ চৰকাৰে প্ৰতি কুইণ্টলত ৫০০ টকাকৈ বৃদ্ধি কৰিছিল মচুৰ দাইলৰ এমএছপি।
তাৎপৰ্যপূৰ্ণভাৱে ভাৰতে গ্ৰাহকৰ প্ৰয়োজন পূৰণৰ বাবে দাইল আমদানি কৰে। গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি ২০২২ চনৰ বিত্তীয় বৰ্ষৰ পৰা ২০২৬ চনলৈ প্ৰতি বছৰে ম্যানমাৰৰ পৰা ১ লাখ টন ৰহৰ দালি দেশলৈ আমদানি কৰা হ’ব। ইয়াৰ উপৰিও অহা পাঁচ বছৰত দক্ষিণ-পূব আফ্ৰিকাৰ দেশ মালাউইৰ পৰাও ৫০ হাজাৰ টন ৰহৰ দাইল আমদানি কৰা হ’ব।