ডিজিটেল ডেস্ক : পিয়াঁজৰ খেতি কৰা কৃষকৰ বাবে আহিছে ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰে পিয়াঁজ ৰপ্তানিৰ ওপৰত ৰপ্তানি শুল্ক সম্পূৰ্ণৰূপে বিলুপ্ত কৰিছে।
হয়, মোদী চৰকাৰে আনুষ্ঠানিকভাৱে আঁতৰাই পেলাইছে পিঁয়াজৰ ওপৰত ২০ শতাংশ ৰপ্তানি কৰ। কৃষকৰ স্বাৰ্থত লোৱা এই সিদ্ধান্ত ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব।কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে নিজৰ এক্স একাউণ্টত পোষ্ট কৰি পিঁয়াজৰ ওপৰত ৰপ্তানি শুল্ক আঁতৰোৱাৰ তথ্য শ্বেয়াৰ কৰে।
মোদী চৰকাৰ এখন কৃষক অনুকূল চৰকাৰ আৰু কৃষকক লাভজনক মূল্য দিয়াটো মোদী চৰকাৰৰ অগ্ৰাধিকাৰ। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে পিঁয়াজৰ ওপৰত ৰপ্তানি শুল্ক ৪০%ৰ পৰা ২০%লৈ হ্ৰাস কৰিছিল আৰু এতিয়া ২০% ৰপ্তানি শুল্ক শূন্যলৈ হ্ৰাস কৰা হৈছে। অৰ্থাৎ পিঁয়াজৰ ওপৰত ২০ শতাংশ ৰপ্তানি শুল্ক সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হৈছে।
কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে আগলৈ লিখিছে যে আমাৰ কৃষকৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা উৎপাদিত পিঁয়াজ ৰপ্তানি শুল্ক নোহোৱাকৈ বিশ্ব বজাৰলৈ যাব লাগে আৰু কৃষকে যাতে লাভজনক মূল্য লাভ কৰিব পাৰে।