--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ২৪ মে’ ২০২৪ , শুকুৰবাৰ ।আজিৰ দিনটো বিভিন্ন ৰাশিৰ লোকৰ বাবে কেনে যাব জানো আহক। 

মেষ- ব্যৱসায়ীসকলৰ বাবে আজি  শুভ দিন।  মনলৈ আলস্যৰ ভাব আহিব পাৰে। হাতলৈ ধন আহিব যদিও খৰচো বৃদ্ধি পাব পাৰে। নতুন বন্ধু লাভ। প্ৰেমত শুভ । দাঁতৰ ৰোগৰ সম্ভাৱনা। নতুন খবৰ লাভ কৰিব পাৰে। 

বৃষ ৰাশি -দূৰ ভ্ৰমণৰ সম্ভাৱনা। পুৰণি মিত্ৰৰ সৈতে মিলন হ'ব।  সন্তানৰ বাবে  সুখ বৃদ্ধি পাব। প্ৰেমত মধ্যম। বিদ্যাত বাধা।খৰচ বৃদ্ধিৰ যোগ যদিও বিয়লিৰ ভাগলৈ হাতলৈ ধন আহিব।

মিথুন- পুৰণি বিবাদৰ  ফলাফল আপোনাৰ পক্ষে হ’ব। ।  নিশাৰ ভাগলৈ  হাতলৈ ধন আহিব।  শিক্ষাৰ্থীয়ে আজি অধিক কষ্ট কৰিব লাগিব। মাতৃৰ বাবে চিন্তা।শিঙাল জন্তুৰ পৰা সাৱধানে থাকিব। 

কৰ্কট- কৰ্মক্ষেত্ৰত শুভ, কিন্তু আনৰ দ্বাৰা প্ৰতাৰিত হ’ব পাৰে। আজি আপুনি কঠোৰ পৰিশ্ৰমৰ অন্তত শুভ ফল লাভ কৰিব। আনক আজি সহজে বিশ্বাসত নল’ব, কাৰণ কোনোবাই বিশ্বাস ভংগ কৰিব পাৰে। হঠাতে ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। পেটৰ ৰোগৰ সম্ভাৱনা। শুভ খবৰ লাভ কৰিব পাৰে। 

সিংহ- বিয়লিলৈ ধন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত সতীৰ্থৰ পৰা সমস্যাৰ সন্মুখীন হ’ব পাৰে। প্ৰিয়জনৰ পৰা উপহাৰ লাভ কৰিব পাৰে।কোনো ভাল কামত ধন খৰচ হ’ব পাৰে। পিতৃৰ স্বাস্থ্যকলৈ চিন্তা। জুইৰ পৰা সাৱধান।

কন্যা- আজিৰ দিনটো আপোনাৰ বাবে শুভ।আজি পাৰিলে আপুনি গৰু-ছাগলী আদি পশুক খাদ্য দান কৰিলে দিনটো অধিক ভাল হ’ব। আনৰ সৈতে পৰাপক্ষত বিতৰ্ক এৰাই চলিব।  ভ্ৰমণৰ যোগ আছে। জুইৰ পৰা সাৱধানে থাকিব। প্ৰেমত মধ্যম। 

তুলা – বিবাহ প্ৰাৰ্থীৰ বাবে নতুন খবৰ লাভৰ সম্ভাৱনা। কোনো কামত নিজৰেই বিশ্বাসী লোকৰ পৰা বাধা পাব পাৰে। শিক্ষাৰ্থীৰ শুভ। সন্তানৰ কৰ্মৰ বাবে গৌৰৱবোধ। শিঙাল জন্তুৰ পৰা সাৱধানে থাকিব। ভ্ৰমণৰ সম্ভাৱনা আছে। 

বৃশ্চিক ৰাশি - ধৰ্ম-কৰ্মত অধিক মনোনিবেশ কৰিব পাৰে। আনক আজি সহায় কৰি আনন্দিত হ’ব। বিশ্বাস ভংগৰ বাবে মনত কষ্ট পাব।  সেয়ে সজাগ হোৱাটো ভাল হ'ব। মাতৃৰ স্বাস্থ্যকলৈ চিন্তা। খৰচ নিয়ন্ত্ৰণ কৰক ।প্ৰেমত শুভ। জুইৰ পৰা সাৱধানে থাকিব। 


ধনু- আজিৰ দিনটো আপোনাৰ বাবে অতি শুভ দিন বুলি ক’ব পাৰি। পুৰণি অসম্পূৰ্ণ কাম আজি সম্পূৰ্ণ হ’ব।।  ধন লাভৰ নতুন পথ মুকলি হ’ব।  ভ্ৰমণৰ সুবিধা পাব। প্ৰেমত ভুল বুজাবুজি। আলহীৰ আগমন। খৰচ কিছু বৃদ্ধি পাব পাৰে। 

মকৰ-  সমাজত আপোনাৰ ভাল কামৰ বাবে সন্মান বৃদ্ধি পাব পাৰে। নতুন খবৰ লাভ । ব্যৱসায়ী সকলৰ বাবে শুভ দিন। চকুৰ ৰোগে আমনি দিব পাৰে।  খৰচ অলপ বৃদ্ধি পাব , কিন্তু তাৰ তুলনাত ধনো বেছিকৈ হাতলৈ আহিব। পুৰণি বন্ধুৰে মিলন। 

কুম্ভ- চাকৰিয়াল সকলে পদোন্নতিৰ খবৰ পাব পাৰে। আনৰ কটু কথাই আজি আপোনাৰ মনত কষ্ট দিব পাৰে। ব্যৱসায়ত অতি শুভ দিন । । অতিথিৰ আগমন। কথা-বতৰাত আজি কিছু সাৱধান হ’ব। আনক সজ পৰামৰ্শ দিলেও আনে সেয়া বেয়াভাবেহে ল’ব পাৰে। সেয়ে মনত কষ্ট পোৱাৰ সম্ভাৱনা। প্ৰেমত মধ্যম। 

 মীন-নতুন বাহন আদি  কিনা হ'ব পাৰে।প্ৰেমত বিৰহ। ধন লাভৰ সম্ভাৱনা আছে। জুইৰ  পৰা সাৱধানে থাকিব।দাঁতৰ ৰোগত ভুগিব পাৰে। সতীৰ্থৰ পৰা সহায় লাভ। শিক্ষাৰ্থীৰ শুভ দিন। আজি পৰাপক্ষত দূৰ ভ্ৰমণ নকৰাই ভাল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?