ডিজিটেল ডেস্কঃ আজি ২১ জুন ,২০২৩, বুধবাৰ। আজি বিশ্বজুৰি পালন কৰা হৈছে বিশ্ব যোগ দিৱস। আজিৰ দিনটো আপোনাৰ কেনে যাব? জানো আহক আজিৰ দিনটোৰ ৰাশিফল।
১. মেষ ৰাশি (অ,ল)-নতুন যোগাযোগ। নতুন কৰ্ম লাভ কৰিব পাৰে যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত আমনি লাগিব পাৰে৷ ঘৰলৈ আলহীৰ আগমণ ঘটিব পাৰে৷ পেটৰ ৰোগত ভুগিব পাৰে, সেয়ে সতৰ্ক হ’ব।
২. বৃষ ৰাশি( উ,ব,ই)-আজিৰ দিনটোত সন্মান লাভ হ'ব, ধন লাভ হ'ব ৷ প্ৰেমত শুভ ৷ জেষ্ঠ্য জনৰ পৰা মনত সামান্য আঘাত পোৱাৰ যোগ দেখা যায়। প্ৰেমত শুভ।
৩. মিথুন ৰাশি( ক,ছ)- দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব৷ নতুন যোগোযোগ হ’ব পাৰে৷সজাগ নহ'লে কৰ্মত সামান্য বাধাৰ সন্মুখীন হ'ব পাৰে লগতে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়। পিতৃ-মাতৃৰ শুভ।
৪. কৰ্কট ৰাশি( ড,হ)- কৰ্কত ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মত আনৰ সহায়-সহযোগিতা লাভ কৰিব পাৰে ৷ লগতে আজি আপোনাৰ কৰ্মক্ষেত্রত জটিলতা হ্ৰাস পোৱাৰ যোগ দেখা যায়। বন্ধুৰ সৈতে মতানৈক্য হ’ব পাৰে৷ শিঙাল জন্তুৰ পৰা সাৱধানে থাকিব।
৫. সিংহ ৰাশিৰ (ম,ট)- আজিৰ দিনটোত মনত শান্তি বাঢ়িব, কৰ্মত শুভ হ'ব । খৰচ বৃধ্দি হ’ব পাৰে৷ মাতৃৰ বাবে চিন্তা।
৬. কন্যা ৰাশি (প,ঠ)- কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব ৷আবেগিক হৈ পৰিব পাৰে ।পাৰিবাৰিক দিশত অতি শুভ৷ প্ৰেমত শুভ৷ খৰচ অলপ বাঢ়িব পাৰে৷ আলহী আহিব পাৰে।
৭. তুলা ৰাশি (ৰ,ত)- তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত ৰং ভাব ভাৱ বাঢ়িব , মনত সামান্য ভয় ভাৱ বৃদ্ধি হ'ব পাৰে লগতে সামান্য মনোমালিন্য হোৱাৰ যোগ । হাতলৈ ধন আহিব পাৰে৷ প্ৰেমত ভুল বুজাবুজি।
৮. বৃশ্চিক ৰাশি (ন,য)- মনৰ আশা পূৰণ হ'ব। প্ৰেমত শুভ হ'ব যদিও আজি সকলো দিশতে সতৰ্ক হোৱাটো ভাল হ'ব।নতুন যোগাযোগ৷ প্ৰেমত শুভ।
৯. ধনু ৰাশি (ধ,ভ)- সন্মান বাঢ়িব । চকুৰ ৰোগ হোৱাৰ আশংকা। প্ৰেমত শুভ। খৰচ বৃদ্ধি হ’ব পাৰে। পানীৰ পৰা সাৱধান।
১০. মকৰ ৰাশি (খ,জ)- আজিৰ দিনটোত সন্মান বাঢ়িব, ধন লাভ হ'ব ।আনৰ প্ৰসংশা লাভ কৰাৰ যোগ দেখা যায়।পেটৰ ৰোগ হ’ব পাৰে, গতিকে সতৰ্ক হ’ব।
১১. কুম্ভ ৰাশি(গ,শ,স)- বিদ্যাৰ্থীসকলৰ শুভ হ'ব, ৰোগৰ পৰা আৰোগ্য হ'ব। কৰ্মত সামান্য নিৰাশাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।উদৰ ৰোগৰ আশংকা আছে৷ শিঙাল জন্তুৰ পৰা সাৱধান। হাতলৈ ধন আহিব।
১২. মীন ৰাশি( দ,চ)- মনত শান্তি বাঢ়িব যদিও কৰ্মত সামান্য কষ্ট পাব পাৰে ।খৰচ বাঢ়িব পাৰে যদিও হাতলৈ ধন অহাৰো যোগ৷ আলস্য ভাব আহিব পাৰে। শিঙাল যন্তু আৰু যান-বাহনৰ পৰা সাৱধান।