--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

কাবুলঃ আফগানিস্তানত তালিবানী আস্ফালনে এসপ্তাহ অতিক্ৰম কৰিলে। তালিবানে কাবুল দখল কৰাৰ লগে লগে বিশ্বজুৰি আফগানিস্তানত মহিলাৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। ক্ষমতালৈ অহাৰ পাছত আফগান মহিলাসকলক শ্বৰিয়াল’ৰ অধীনত অধিকাৰ দিয়া হ’ব বুলি তালিবানে প্ৰকাশ কৰিছিল। ইয়াৰ মাজতে পোহৰলৈ আহিছে উদ্বেগজনক খবৰ! তালিবানীয়ে দেশৰ একাধিক মহিলাক ‘যৌন দাসী’ হিচাপে কাম কৰিবলৈ বাধ্য কৰা বুলি শেহতীয়াকৈ প্ৰকাশ পাইছে। অৱশ্যে, কাবুল দখল কৰাৰ পাছত মহিলাৰ অধিকাৰ হ্ৰাস কৰা নহ’ব বুলিও স্পষ্টীকৰণ দিছিল তালিবানে। তেনেক্ষেত্ৰত আফগান মহিলাক ‘যৌন দাসী’ হিচাপে ব্যৱহাৰ কৰা ঘটনাই সচেতন মহলৰ চকু কপালত তুলিছে।


তালিবানৰ বিস্ফোৰক অভিযোগত আফগানৰ প্ৰাক্তন ন্যায়াধীশ নাজালা আয়ুবিয়ে দাবী কৰিছে যে, 'বিগত কেইসপ্তাহমানত বহুতো যুৱতীক কফিনত ভৰাই ‘যৌন দাসী’ হিচাপে চুবুৰীয়া দেশলৈ প্ৰেৰণ কৰা হৈছে।‘
নতুন দিল্লীৰ হিন্দন বায়ু সেনা কেন্দ্ৰত অৱতৰণ কৰাৰ পাছত এগৰাকী আফগান মহিলাইয়ো তালিবানী ত্ৰাসৰ কথা সদৰী কয়, ‘আফগানিস্তানৰ পৰিস্থিতি অধিক বেয়া হৈ আহিছে। দুৰ্যোগৰ ধ্বংস দেখি মই হতবাক হৈছিলো। তালিবান যোদ্ধাসকলে আমাৰ ঘৰবোৰ জ্বলাই দিছে। তালিবান ভয়ানক! যৌন দাসী সজাইছে যুৱতীসকলক।

কেনেবাকৈ আমি আমাৰ ছোৱালী আৰু দুই নাতিৰ সৈতে পলাই গৈছিলোঁ আৰু ইয়ালৈ আহিছিলোঁ। ভাৰতীয় ভাই-ভনীসকলে আমাক উদ্ধাৰ কৰিছে। আমি গোটেই জীৱন ভাৰতৰ ওচৰত কৃতজ্ঞ থাকিম।’
ভাৰতত দেওবাৰে কাবুলৰ পৰা ১৬৮ জন লোকক উদ্ধাৰ কৰা হৈছিল। ইয়াৰ ভিতৰত, ১০৭ জন ভাৰতীয় ৬১জন আফগান নাগৰিক। উল্লেখ্য যে, বিগত কেইদিনমানত আফগানিস্তানৰ পৰিস্থিতি আৰু অধিক অৱনতি ঘটিছে। আফগানিস্তানৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসে দুৰ্ঘটনা পৰিহাৰ কৰিবলৈ কাবুল বিমান বন্দৰত সাধাৰণ প্ৰৱেশ নিষিদ্ধ কৰিছে। ফলত দিকবিদিগ হেৰুৱাইছে আফগানসকলে দেওবাৰে কাবুল বিমান বন্দৰতে মৃত্যুমুখত পৰিছে ৭জনকৈ আফগান নাগৰিক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?