--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় বজাৰত এফএমচিজি সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জলা কলা খুৱাই আহিছে সাধাৰণ জনতাক৷ এই এফএমচিজিৰ সামগ্ৰী যেনে খোৱাতেল, চাবোন, চাহ, কফি, চকলেট আৰু বিস্কুটৰ দৰে সামগ্ৰীৰ মূল্য ৬ মাহত ২০% বৃদ্ধি পাইছে। জানুৱাৰী-মাৰ্চ মাহত এইবিলাক সমাগ্ৰীৰ দাম আৰু ৩০% বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷

২০২৪ চনৰ এপ্ৰিল মাহৰ পৰা পাম অইল, নাৰিকল, চাহ, ক’ক আৰু কফিৰ দৰে কেঁচামালৰ দাম ৩৫-১৭৫% বৃদ্ধি পাইছিল।ইয়াৰ বাবেই এই নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহৰ দৰ বজাৰত বৃদ্ধি পাইছে।  নুভামা ইনষ্টিটিউচনেল ইকুইটিয়ে প্ৰকাশ কৰা এক প্ৰতিবেদনত কিছুমান এফএমচিজি কোম্পানীয়ে জানুৱাৰী-মাৰ্চ মাহত পুনৰ দাম বৃদ্ধি কৰিব বুলি উল্লেখ কৰিছে। বিগত তিনিটা মাহত সাধাৰণ ঘৰুৱা সামগ্ৰী ১০% ব্যয়বহুল হৈ পৰিছে।

নুভামাৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে এফএমচিজি কোম্পানীসমূহৰ বাবে মাৰ্জিন বৃদ্ধি কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে৷ পাম তেল, চাহৰ দৰে সামগ্ৰীৰ দাম বছৰি প্ৰায় ৩০ শতাংশ বৃদ্ধি পোৱাৰ বাবে ইয়াৰ খৰচ বাঢ়িছে যদিও তাৰ ক্ষতিপূৰণ দিয়াটো কঠিন হৈ পৰিছে।

যদিহে সমাগ্ৰীৰ দৰ মূল্য সীমাৰ বাহিৰত বৃদ্ধি কৰা হয়, তেন্তে চহৰৰ চাহিদা পুনৰ হ্ৰাস পাবলৈ আৰম্ভ কৰিব, এইক্ষেত্ৰত শেহতীয়াকৈ উন্নতিৰ লক্ষণ পৰিলক্ষিত হৈছিল। ইয়াৰ বাবেই জানুৱাৰী-মাৰ্চ মাহত কিছুমান এফএমচিজি কোম্পানীৰ আয় মাত্ৰ প্ৰায় ৫ শতাংশহে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।  এই বৃদ্ধি বিক্ৰী বৃদ্ধিৰ লগতে সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবেও দেখা যাব।

এই ক্ষেত্ৰত সৰ্বাধিক বৃদ্ধি পাইছে খোৱা তেলৰ মূল্য। জাপানৰ ব্ৰ’কৰেজ ফাৰ্ম ন’মুৰাই উল্লেখ কৰা তথ্য অনুসৰি ছেপ্তেম্বৰলৈকে এইকেইমাহৰ ভিতৰত ছ’ফোলা ব্ৰেণ্ডৰ খোৱা তেলৰ দৰ আটাইতকৈ বেছি ২০ শতাংশ বৃদ্ধি পায়৷ এই সময়ছোৱাত মেৰিকোৱে পেৰাচুট নাৰিকল তেলৰ মূল্য ১০ শতাংশ বৃদ্ধি কৰে। ন’মুৰাই অনুমান কৰিছে যে অক্টোবৰৰ পৰা ডিচেম্বৰৰ ভিতৰত কোম্পানীটোৱে সামগ্ৰীৰ মূল্য গড়ে ৭.৩ শতাংশ বৃদ্ধি কৰিছে।

চাহ আটাইতকৈ ব্যয়বহুল হৈ পৰিছে, ইয়াৰ পাইকাৰী মূল্য ৩৩% বৃদ্ধি পাইছে। এই বৃদ্ধিৰ আধাতকৈ অধিক কেৱল অক্টোবৰ-ডিচেম্বৰ মাহত হৈছে। ন’মুৰাৰ প্ৰতিবেদনত অনুমান কৰা হৈছে টাটাৰ সমাগ্ৰী বিগত অক্টোবৰ পৰা মাৰ্চ ২০২৫ সময়চোৱাত চাহৰ দাম ২০-৩০ শতাংশ পৰ্যন্ত বাঢ়িব পৰে৷  
যোৱা কেইমাহমানত নিলামত চাহৰ মূল্য প্ৰায় ৩৩ শতাংশ বৃদ্ধি পোৱাৰ বাবে দাহৰ মূল্যবৃদ্ধি হৈছে বুলি উল্লেখ কৰা হৈছে। প্ৰতিবেদনত লগতে কোৱা হৈছে যে অক্টোবৰ-ডিচেম্বৰ মাহত নেচলে চকলেটৰ দৰে সামগ্ৰীৰ মূল্য ৪.৯ শতাংশ বৃদ্ধি কৰিছে। স্নেকছ কোম্পানী বিকাজীয়ে অক্টোবৰ-ডিচেম্বৰ মাহত প্ৰায় ২ শতাংশ মূল্যবৃদ্ধি কৰিছে।

নুভামা ৰিচাৰ্চৰ প্ৰতিবেদন অনুসৰি ২০২৪ চনত এফএমচিজি কোম্পানী হিন্দুস্তান ইউনিলিভাৰ আৰু গোড্ৰেজ কনজিউমাৰে সামগ্ৰীৰ মূল্য প্ৰায় ১০% বৃদ্ধি কৰে। প্ৰতিবেদন অনুসৰি অক্টোবৰ-ডিচেম্বৰ মাহত এইচইউএলে গড়ে ২ শতাংশ আৰু গডৰেজ কনজিউমাৰে ৪ শতাংশ মূল্য বৃদ্ধি কৰা বুলি প্ৰকাশ কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?