--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপুনৰ আলোচিত হৈ পৰিছে দেশত আদানী প্ৰসংগ৷ আদানী গ্ৰুপৰ বিৰুদ্ধে হিণ্ডেনবাৰ্গ গৱেষণা প্ৰতিবেদনৰ ওপৰত গঠন কৰা উচ্চতম ন্যায়ালয়ৰ সমিতিৰ তদন্ত প্ৰতিবেদন অনুসৰি ছেবিয়ে লক্ষ্য কৰিছে যে ২০২৩ চনৰ ২৪ জানুৱাৰীত হিণ্ডেনবাৰ্গ গৱেষণা প্ৰতিবেদন ৰাজহুৱা কৰাৰ পূৰ্বে কিছুমান কোম্পানী বা ব্যক্তিয়ে ইতিমধ্যে ষ্টকত শ্বৰ্ট পজিচন লৈছিল আদানি গ্ৰুপৰ আৰু প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত আদানি গ্ৰুপৰ ষ্টক ডাঙৰকৈ হ্ৰাস পোৱাৰ লগে লগে এই লোকসকলে নিজৰ পজিচনবোৰ স্কোৱাৰ কৰি (শ্বেয়াৰ পুনৰ ক্ৰয় কৰি) বিপুল লাভ কৰে।

কমিটীয়ে প্ৰতিবেদনত কয় যে এই সকলোবোৰ বিষয়ৰ ওপৰত ছেবিৰ তদন্ত চলি আছে, গতিকে সম্প্ৰতি কমিটীয়ে তেওঁলোকৰ যোগ্যতাৰ ওপৰত কোনো মতামত দিয়া নাই। পেনেলে কয় যে এই সন্ধিক্ষণত নিয়ন্ত্ৰক ছেবিৰ ব্যৰ্থতাৰ ওপৰত সিদ্ধান্ত লোৱা সম্ভৱ নহয় কাৰণ ছেবিৰ হাতত শ্বেয়াৰৰ মূল্যৰ উচ্চ অস্থিৰতাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ সক্ৰিয় আৰু কৰ্মৰত চোৱাচিতাৰ কাঠামো আছে যিয়ে ষ্টকৰ মূল্য হৈছে নে নাই সেইটো ধৰা পেলায় দামত কোনো ধৰণৰ হেতালি খেলা নাই।

কমিটীয়ে নিজৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে ২০২৩ চনৰ ২৪ জানুৱাৰীলৈকে খুচুৰা বিনিয়োগকাৰী আৰু উচ্চ নেট ৱৰ্থ বিনিয়োগকাৰীকে ধৰি মুঠ ৩৩ লাখ বিনিয়োগকাৰীয়ে আদানী গ্ৰুপৰ ষ্টকত বিনিয়োগ কৰিছিল, যাৰ বিনিয়োগৰ মূল্য আছিল ৫৭৫০০ কোটি টকা। কিন্তু ২০২৩ চনৰ ২৪ জানুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীৰ ভিতৰত এই শ্বেয়াৰহোল্ডাৰসকলৰ শ্বেয়াৰৰ মূল্য ৫১ শতাংশ হ্ৰাস পোৱাৰ লগতে বিনিয়োগকাৰীৰ বিনিয়োগে ২৯,২০০ কোটি টকাৰ ক্ষতিসাধন কৰে। কিন্তু পিছত গ্ৰুপটোৰ শ্বেয়াৰৰ সামান্য উন্নতিৰ পিছত খুচুৰা বিনিয়োগকাৰী আৰু এইচ এন আইৰ লোকচান ৩৮ শতাংশ বা ২১,৮৫০ কোটি টকালৈ হ্ৰাস পায়।

উচ্চতম ন্যায়ালয়ৰ পেনেলে নিজৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে ছেবিৰ তথ্য অনুসৰি আদানী গ্ৰুপৰ ষ্টক হ্ৰাস পোৱাৰ বাবে খুচুৰা বিনিয়োগকাৰীৰ ৩৭০০ কোটি টকা লোকচান হৈছে। একে সময়তে উচ্চ নেট ৱৰ্থৰ বিনিয়োগকাৰীয়ে ২২ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে। হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন ওলোৱাৰ পিছত ২৭ ফেব্ৰুৱাৰীলৈকে আদানী গোটৰ মাৰ্কেট কেপ ১২.৪ লাখ কোটি টকা হ্ৰাস পাইছে, যিটো ৯ মাৰ্চত আছিল ১০ লাখ কোটি টকা।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?