--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানত ভাৰতৰ বিমান আক্ৰমণৰ পিছত এতিয়া আতংকিত হৈ পৰিছে পাকিস্তানী জনসাধাৰণ আৰু তেওঁলোকে অপাৰেচন সিন্দূৰৰ বিষয়ে জানিবলৈ ব্যগ্ৰ হৈ পৰিছে।পহলগাম আক্ৰমণৰ পিছত ভাৰতে ‘অপাৰেচন সিন্দূৰ’ৰ জৰিয়তে পাকিস্তানক কঠোৰ উত্তৰ দিছে। ভাৰতীয় সেনা বাহিনীয়ে যোৱা নিশা পাকিস্তান আৰু পাকিস্তান দখল কৰা কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী শিবিৰত বিমান আক্ৰমণ চলায়। 

ভাৰতে গ্ৰহণ কৰা এই কাৰ্যৰ পিছত পাকিস্তানৰ জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি হৈছে। এতিয়া পাকিস্তানৰ মানুহে গুগলত Air Strike, Indian Army, India আৰু Operation Sindoorৰ বিষয়ে বিচাৰিছে। পাকিস্তানৰ গুগলৰ ট্ৰেণ্ডে দেখুৱাইছে যে তেওঁলোকে এতিয়া সিন্দূৰ নামটোৰ অৰ্থ জানিব বিচাৰিছে।

ভাৰতীয় সেনাৰ আক্ৰমণৰ সন্মুখীন হোৱাৰ পিছতেই এতিয়া পাকিস্তানীসকলে সিন্দূৰৰ বিষয়ে জানিবলৈ বিচাৰিছে। এনে পৰিস্থিতিত পাকিস্তানৰ গুগলত মানুহে কি বিচাৰিছে জানো আহক...
Pakistan Army
পাকিস্তানীসকলে গুগলত অপাৰেচন সিন্দূৰৰ বিষয়ে বিচাৰিছে। এতিয়া ছ’চিয়েল মিডিয়াত অপাৰেচন সিন্দুৰ, ইণ্ডিয়া অপাৰেচন সিন্দুৰ, সিন্দুৰ আক্ৰমণ, অপাৰেচন সিন্দুৰ কি এই শব্দবোৰ বিচাৰি উলিওৱা হৈছে। ইয়াৰ বাহিৰেও তাত থকা মানুহে গুগলৰ সহায় লৈ সিন্দূৰৰ অৰ্থও জানিবলৈ বিচাৰিছে। পাকিস্তানৰ গুগলত ট্ৰেণ্ডিং হৈ আছে সিন্দূৰ কি, সিন্দুৰৰ অৰ্থ ইত্যাদি কীৱৰ্ড।

অপাৰেচন সিন্দূৰৰ উপৰিও পাকিস্তানীসকলে ভাৰতৰ বিষয়ে অহৰহ অনুসন্ধান চলাই আছে। গুগল ট্ৰেণ্ডছৰ প্ৰতিবেদন অনুসৰি ইণ্ডিয়া এটেক বাহাৱালপুৰ, ইণ্ডিয়া এটেক অন পাকিস্তান টুডে, ইণ্ডিয়া এটেক অন বাহাৱালপুৰ, ইণ্ডিয়া এটেকড অন পাকিস্তান, ইণ্ডিয়া ষ্ট্ৰাইকছ পাকিস্তানৰ দৰে কীৱৰ্ড সন্ধান কৰা হৈছে।

ইয়াৰ বাহিৰেও পাকিস্তানৰ জনসাধাৰণে পাকিস্তান সেনাবাহিনীৰ সন্দৰ্ভত অনুসন্ধান চলাই আছে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?