--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলীৰ অৱস্থা শনিবাৰে অধিক ভয়াৱহ হৈ পৰিছিল। ইয়াৰ পিছত তেওঁক মহাৰাষ্ট্ৰৰ থানেৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসকে তেওঁৰ যত্ন লৈ আছে আৰু প্ৰয়োজনীয় সকলো পৰীক্ষা কৰা হৈছে। তেওঁৰ মগজুত তেজ জমা হৈছে আৰু বৰ্তমান তেওঁ সুস্থ হৈ উঠিছে। ইয়াৰ পূৰ্বেও কাম্ব্লিয়ে স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সৈতে যুঁজি আছিল। এতিয়া চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত তেওঁ চিকিৎসকসকলক ধন্যবাদ জনাই কয় যে তেওঁলোকৰ বাবেই তেওঁ এতিয়া জীয়াই আছে। 

শেহতীয়া এক সাক্ষাৎকাৰত কাম্বলীয়ে তেওঁৰ স্বাস্থ্যৰ বিষয়ে মুকলিকৈ ব্যক্ত কৰে । তেওঁ কয় যে, তেওঁৰ প্ৰস্ৰাৱৰ সংক্ৰমণ সম্পৰ্কীয় সমস্যা আছে যাৰ বাবে এতিয়ালৈকে তেওঁক তিনিবাৰ চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছে । কাম্বলীয়ে লগতে শ্বেয়াৰ কৰে যে, হঠাৎ তেওঁৰ মূৰ ঘূৰণি হৈ অচেতন হৈ পৰে ।

চিকিৎসালয়ত বিচনাত পৰি থকা অৱস্থাত বিনোদ কাম্বলীক হাঁহি থকা দেখা গৈছে। তেওঁ ক’লে যে মই ইয়াত চিকিৎসকৰ বাবেই জীয়াই আছো। মই মাত্ৰ ক’ম যে চিকিৎসকে মোক যি ক’ব, মই কৰিম। মানুহে গম পাব মই তেওঁলোকক কি শিকাম। শচীনৰ কথা কওঁতে তেওঁ ক’লে যে তেওঁ লণ্ডনলৈ গৈছে, কিন্তু তেওঁ গম পাব আৰু কেৱল আপোনালোকহে তেওঁক জনাব।

শনিবাৰে যেতিয়া বিনোদ কাম্বলীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। তেতিয়া তেওঁৰ শৰীৰত তীব্ৰ ক্ৰেম্প হৈছিল। বহিবলৈ বা খোজ কাঢ়িবও নোৱাৰিলে তেওঁ। এতিয়া তেওঁৰ আৰোগ্যৰ লক্ষণ দেখা গৈছে আৰু প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে চিকিৎসক আৰু তেওঁৰ অনুৰাগীৰ সৈতে কথা পতা দেখা গৈছে। তেওঁৰ এজন অনুৰাগীয়ে তেওঁৰ চিকিৎসাৰ খৰচ বহন কৰিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?