--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত এতিয়াও ছখন খেল বাকী আছে। তাৰ আগতে ছেমি ফাইনেলৰ এখন যুঁজ নিশ্চিত হৈছে। গ্লেন মেক্সৱেলৰ অবিশ্বাস্য ইনিংছৰ বাবেই মঙলবাৰে অষ্ট্ৰেলিয়াই আফগানিস্তানক পৰাস্ত কৰে। তেওঁলোকে নিশ্চিত কৰিলে ছেমি ফাইনেল। বিশ্বকাপৰ দ্বিতীয় ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব। অৰ্থাৎ ১৯৯৯ চনৰ ছেমি ফাইনেল এই বিশ্বকাপত ঘূৰি আহিব।

ভাৰতৰ বিৰুদ্ধে অপমানজনক পৰাজয়ৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই ছেমি ফাইনেলত স্থান দখল কৰিছিল। এতিয়া তেওঁলোকৰ হাতত ৮খন মেচৰ পৰা ১২ পইণ্ট আছে। অষ্ট্ৰেলিয়াও তেনেকুৱাই। ৰান ৰেটৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়া তৃতীয় স্থানত পিছ পৰি আছে। দুয়োটা দলৰ মাজত এখন মেচ বাকী আছে। গতিকে বিশ্বকাপত আৰু যিয়েই নহওক কিয়, এই দুটা দলৰ কোনো এটা দলে ভাৰতক (১৬ পইণ্ট) শীৰ্ষত উফৰাই পেলাব নোৱাৰিব।

একেদৰে এই দুটা দলৰ পইণ্ট স্পৰ্শ কৰিব নোৱাৰিব আন কোনো দেশে। যিয়ে চতুৰ্থ স্থানত অন্ত পেলায় তেওঁ ১০ পইণ্টতকৈ বেছি নাপাব। ফলত অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাই চূড়ান্ত মেচৰ ফলাফল যিয়েই নহওক কিয়, দ্বিতীয় আৰু তৃতীয় স্থানৰ বাবে সমতাত থাকিব।

১০ নৱেম্বৰ শুকুৰবাৰে আফগানিস্তানৰ বিৰুদ্ধে শেষ ৰাউণ্ড ৰবিন মেচ খেলিব প্ৰটিয়াছে। এই মেচৰ গুৰুত্ব তেওঁলোকৰ লগত নাথাকিলেও আফগানসকলৰ বাবে আছে। পিছদিনা অষ্ট্ৰেলিয়াই বাংলাদেশৰ বিৰুদ্ধে খেলিব। সেই মেচখন দুয়োটা দলৰ বাবে অগুৰুত্বপূৰ্ণ। যদিহে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকা দুয়োখনেই শেষৰখন মেচত জয়ী বা পৰাস্ত হয় তেন্তে দ্বিতীয় আৰু তৃতীয় স্থান ৰান ৰেটৰ ভিত্তিত নিৰ্ধাৰণ কৰা হ’ব।

দ্বিতীয় ছেমি ফাইনেলৰ স্থান এতিয়াও অনিৰ্ণিত। যদি ভাৰত বনাম পাকিস্তান ছেমি ফাইনেল হয়, তেন্তে মুম্বাইত হ’ব অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা। যদি নাই তেন্তে এই মেচ হ’ব কলকাতাত।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?