--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : ক’ভিড প্ৰতিষেধক কিমান কাৰ্যকৰী? এই প্ৰশ্ন বিভিন্ন সময়ত উত্থাপন হৈ আহিছে। আনহাতে কোনবিধ প্ৰতিষেধকৰ কাৰ্যকৰিতা অধিক তাক লৈও প্ৰশ্ন উত্থাপন হৈ আহিছে। প্ৰতিষেধক লোৱাৰ পাছত সংক্ৰমিত হোৱাৰ আশংকা কিমান সেয়াও এক প্ৰশ্নৰ বিষয়। কিন্তু এই সম্পৰ্কত শেহতীয়াকৈ প্ৰকাশ পোৱা এক তথ্যই আশাৰ সঞ্চাৰ কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ এক সূত্ৰই এই সম্পৰ্কত এক আশাপ্ৰদ তথ্য প্ৰকাশ কৰিছে। প্ৰতিষেধক গ্ৰহণ কৰা লোকৰ সংক্ৰমণৰ হাৰ অতি কম হোৱাৰ তথ্য প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ৰ সূত্ৰই। দেশত এতিয়ালৈ প্ৰতিষেধক গ্ৰহণ ৰৰা ৫৩.১৪কোটি লোকৰ ভিতৰত ২.৬ লাখ লোক অর্থাৎ মাত্ৰ ০.০৪৮শতাংশ লোকহে পৰৱৰ্তী সময়ত ক’ভিডত আক্ৰান্ত হৈছে। ইয়াৰে ১,৭১,৫১১জন লোকে ক’ভিড প্ৰতিষেধকৰ এটা পালি গ্ৰহণ কৰিছে। তাৰ বিপৰীতে ৮৭,০৪৯জন দুয়োপালি প্ৰতিষেধক লোৱা লোক পৰৱৰ্তী সময়ত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে।

দুয়োপালি প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছত ক’ভিড সংক্ৰমণৰ হাৰ ৫০শতাংশতকৈও অধিক কম হোৱা বুলি প্ৰকাশ পাইছে। ভাৰতত ব্যৱহাৰ হৈ থকা কোভিশ্বিল্ড, কোভাক্সিন, আৰু স্পুটনিক-ভি তিনিওবিধ প্ৰতিষেধকেই ‘ব্ৰেকথ্ৰু সংক্ৰমণ’ৰ পৰা প্ৰায় সমান সুৰক্ষা দি থকা বুলি সূত্ৰটোৱে প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?