--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

মুম্বাইঃ বিগত কিছুদিন ধৰি বলীউড অভিনেত্ৰী কৰিণা কাপুৰৰ প্ৰসংগই বাতৰিৰ শিৰোনাম দখল কৰা দেখা গৈছে। উল্লেখ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত কৰীণা-চেইফৰ দ্বিতীয় পুত্ৰই জন্মলাভ কৰিছে। পুত্ৰৰ জন্মৰ পাছত নামকৰণ সন্দৰ্ভত পৰ্যালোচনা হোৱা পৰিলক্ষিত হৈছিল। অৱশেষত, প্ৰথম পুত্ৰ টাইমুৰৰ নামকৰণ কৰাৰ দৰে দ্বিতীয় পুত্ৰৰ নাম ৰাখে জেহ। পৰৱৰ্তী সময়ত অভিনেত্ৰীগৰাকীৰ দ্বিতীয় পুত্ৰ জেহক ট্ৰ’লৰ লক্ষ্য হিচাপে লৈছিল একাংশই। প্ৰায় এমাহ পূৰ্বে, কৰিণা-চেইফে তেওঁলোকৰ দ্বিতীয় পুত্ৰ জেহৰ নাম ঘোষণা কৰিছিল। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীৰ নতুন গ্ৰন্থ ‘প্ৰেগনেঞ্চী বাইবেল’ত তেওঁৰ পুত্ৰৰ নামৰ পাৰ্থক্য দেখা পোৱা গৈছে।

জানিবলৈ পোৱা মতে, গ্ৰন্থখনত কৰিণাৰ দ্বিতীয় পুত্ৰৰ নাম জাহাংগীৰ আলী খান বুলি প্ৰকাশ পাইছে। নামৰ পাৰ্থক্যৰ কথা পোহৰলৈ অহাৰ লগে লগে একাংশই তেওঁৰ পুত্ৰ আৰু পৰিয়ালৰ সদস্যসকলক সামাজিক মাধ্যমত ট্ৰ’ল কৰা পৰিলক্ষিত হৈছে। দীৰ্ঘ সময়ৰ মৌনতাৰ বেহু ফালি অভিনেত্ৰীগৰাকীয়ে এই সম্পৰ্কত পোন প্ৰথমবাৰলৈ মুখ খুলিছে। ইণ্ডিয়া টু-ডে’ৰ সৈতে হোৱা এক সাক্ষাত্কা্ৰত কৰিণাই সদৰী কৰিছে যে, ‘মই এগৰাকী ইতিবাচক মানুহ। মই অত্যন্ত সুখী। কৰ’নাৰ দৰে কঠিন সময়ত, মই মানুহৰ মাজত সুখ আৰু ইতিবাচক বাৰ্তা প্ৰেৰণ কৰবি বিচাৰো। কোনোধৰণৰ ট্ৰ’ল বা নেতিবাচক কথা সম্প্ৰতি ভাবিব নোৱাৰো।’ জেহৰ নাম বিতৰ্কৰ ওপৰত চলা ট্ৰ’ল সম্পৰ্কেও কৰিণাই প্ৰকাশ কৰিছে যে, আমি ২টা শিশুৰ বিষয়ে কথা পাতি আছো। কৰ’না মহামাৰীয়ে বিধ্বস্ত কৰা সময়ত মোৰ সন্তান কাৰো উপলক্ষ্য হ’ব নালাগে বুলি তেওঁ জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?