--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মূলতঃ বছৰত দুবাৰকৈ নৱৰাত্ৰি উদযাপন কৰা হয়। এটা চ’ত মাহত পালন কৰাৰ বিপৰীতে আনটো আহিন মাহত। পঞ্চাঙৰ মতে শাৰদীয় নৱৰাত্ৰি প্ৰতি বছৰে আহিন মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হৈ দশমী তিথিৰ দিনা দেৱী দুৰ্গা মূৰ্তি বিসৰ্জনেৰে শেষ হয়। এইবাৰো শাৰদীয় নৱৰাত্ৰি ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈ ৫ অক্টোবৰত শেষ হ’ব।

 কিয় পালন কৰা হয় শাৰদীয় নৱৰাত্ৰি?

হিন্দু ধৰ্মগ্ৰন্থত বৰ্ণনা কৰা কাহিনী অনুসৰি শক্তিৰ অধিষ্ঠাতী দেৱী দুৰ্গায়ে মহিষাসুৰক বধ কৰি আসুৰিক শক্তি বিনাশ কৰি ধৰ্মক ৰক্ষা কৰিছিল। যেতিয়া দেৱী দুৰ্গাই মহিষাসুৰক আক্ৰমণ কৰি তেওঁৰ লগত ৯দিন যুদ্ধ কৰি দশমদিনা বধ কৰে, তেতিয়া সেই সময় আছিল আহিন মাহ। সেয়ে আহিন মাহৰ এই ৯টা দিন শক্তিৰ পূজাৰ বাবে উচৰ্গা কৰা হৈছিল। পঞ্চাঙৰ মতে শৰৎ ঋতুও আহিন মাহত আৰম্ভ হয়, সেয়েহে ইয়াক শাৰদীয় নৱৰাত্ৰি বুলি কোৱা হয়। শাৰদীয় নৱৰাত্ৰিৰ দশম দিনটো বিজয়াদশমী হিচাপে পালন কৰা হয়।

 নৱৰাত্ৰি উদযাপনৰ ইতিহাস জানি লওক-

নৱৰাত্ৰি উদযাপনৰ আঁৰত বহু কিংবদন্তি আছে। এক কিংবদন্তি অনুসৰি মাতৃ দেৱী দুৰ্গাই ৯দিন ধৰি মহিষাসুৰ নামৰ দানৱৰ লগত যুদ্ধ কৰি তাৰ পাছত নৱমীৰ নিশা বধ কৰে। সেই সময়ৰ পৰাই দেৱীক ‘মহিষসুৰমৰ্দিনী’ নামেৰে জনাজাত। তেতিয়াৰ পৰা মাতৃ দুৰ্গাৰ শক্তিৰ বাবে উৎসৰ্গিত নৱৰাত্ৰিৰ ব্ৰত পালন কৰি ৯দিনে ভিন্ন ৯টা ৰূপৰ পূজা কৰা হয়।

 আন এক কিংবদন্তি অনুসৰি ভগৱান শ্ৰীৰামে দুষ্টক বধ কৰি সন্তক ৰক্ষা কৰিব বিচাৰিছিল। এই উদ্দেশ্য সাধনৰ বাবে নাৰদে শ্ৰীৰামক নৱৰাত্ৰিৰ ব্ৰত পালন কৰিবলৈ অনুৰোধ জনায়। তেতিয়াই ভগৱান শ্ৰীৰামে ব্ৰত সম্পূৰ্ণ কৰি লংকাক আক্ৰমণ কৰি ৰাৱণক বধ কৰিছিল আৰু তেতিয়াৰ পৰা সাফল্যৰ বাবে নৱৰাত্ৰি উপবাস কৰাৰ ৰীতি-নীতি প্ৰচলিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?