--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলকাতাৰ ফালপট্টি মাচুৱাৰ এখন হোটেলত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এই অগ্নিকাণ্ডত ১৪ জন লোকৰ মৃত্যু হৈছে। 

১৪টা মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰাৰ লগতে কেইবাজনো লোকক জীৱন্তে উদ্ধাৰ কৰিছে।

কলকাতা আৰক্ষীয়ে জনোৱা মতে, হোটেলখনত মুঠ ৬০জন লোক আছিল। মৃতকৰ সংখ্যা ১৪ জন বুলি জানিব পৰা গৈছে, য’ত ১১ জন পুৰুষ, এগৰাকী মহিলা আৰু দুটা শিশু আছে। মুঠ ৮টা মৃতদেহ চিনাক্ত কৰা হৈছে। ইয়াৰ লগতে ১৩ জন লোক আহত হৈছে, ইয়াৰে ১২ জন লোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে আৰু এজনক ভৰ্তি কৰা হৈছে।

দহখন অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিনে জুই নিয়ন্ত্ৰণলৈ আনিছিল যদিও পূব ভাৰতৰ সৰ্ববৃহৎ পাইকাৰী বজাৰ বাৰা বজাৰৰ জনবহুল অঞ্চলত জৰুৰীকালীন সেৱাসমূহে চলাচল কৰাত অসুবিধাৰ সন্মুখীন হৈছিল। অগ্নিকাণ্ডৰ সময়ত হোটেলখনৰ খিৰিকী আৰু বেলকনিৰে জঁপিয়াই বহু লোকে নিজৰ প্ৰাণ বচায়। আৰক্ষী আয়ুক্তগৰাকীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ লগতে ঘটনাৰ তদন্তৰ বাবে বিশেষ দল গঠন কৰা হৈছে বুলি জানিবলৈ দিয়ে।

কেন্দ্ৰীয় মন্ত্ৰী তথা পশ্চিম বংগ বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰে ৰাজ্য চৰকাৰক শীঘ্ৰে ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰ কৰিবলৈ আহ্বান জনায় আৰু ভৱিষ্যতে এনে মৰ্মান্তিক ঘটনা ৰোধ কৰিবলৈ অগ্নি সুৰক্ষা ব্যৱস্থাৰ ওপৰত “কঠোৰ নিৰীক্ষণ”ৰ আহ্বান জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?