ডিজিটেল ডেস্কঃ অমিতাভ বচ্চন- এটা ব্যক্তিত্ব। এবাৰ ওচৰৰ পৰা স্বচক্ষে চাবলৈ ঊদ্বাউল লক্ষ লক্ষ অনুৰাগী, এবাৰ চুই চোৱাৰ হাবিয়াস! ছুপাৰষ্টাৰগৰাকী অসুস্থ হ'লেই প্ৰাৰ্থনা কৰে অগণন ভাৰতীয়ই। প্ৰচুৰ ঐশ্বৰ্য্যৰ গৰাকী ‘বিগ বি’ক এইবাৰ বিপদত পেলাইছে পাণ মছলাই!
চিনেমাজগতৰ লগতে বিজ্ঞাপন ক্ষেত্ৰখনটো বচ্চন চাহাবৰ স্থান সুকীয়া। পালছ পলিঅ’ৰ চৰকাৰী ব্ৰেণ্ড এম্বেচাডৰ অমিতাভ বচ্চনৰ এইবাৰ কেনা লাগিল বিজ্ঞাপন জগতত। এটা ৰাষ্ট্ৰীয় ধঁপাতবিৰোধী সংস্থাই অভিনেতাগৰাকীক পাণ মছলাৰ বিজ্ঞাপনৰ পৰা নিজকে আঁতৰাই আনিবলৈ আহ্বান জনায়।
উল্লেখ্য যে, ছুপাৰষ্টাৰ অমিতাভ বচ্চনে শেহতীয়াকৈ 'কমলা পছন্দ' নামৰ পাণ মছলাৰ এক বিজ্ঞাপনত ভাগ লয়। 'নেচনেল অৰ্গানাইজেশ্যন ফৰ ইৰাডিকেশ্যন অব টবেকো'(NOTE) নামৰ সংস্থাটোৱে পাণ মছলাৰ বিভিন্ন ক্ষতিকাৰক দিশ আঙুলিয়াই দি কয় যে, অভিনেতাগৰাকীৰ এনে বিজ্ঞাপনে যুৱ-প্ৰজন্মক পাণ মছলাৰ প্ৰতি আৰু অধিক আকৰ্শিত কৰিব পাৰে। পৰৱৰ্তী সময়ত বলীউড ছুপাৰষ্টাৰগৰাকীয়ে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়াহে হ’ব লক্ষণীয়।