--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

জেনেভা : আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞক ক’ৰ’না ভাইৰাছৰ মূল উৎসৰ বিষয়ে অনুসন্ধানত বাধা জন্মাইছে চীনে। দেশখনৰ উহান প্ৰদেশৰ পৰাই ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ সমগ্ৰ বিশ্বজুৰি বিয়পি পৰা বুলি ধাৰণা কৰা হয়। এই উৎসৰ বিষয়ে অনুসন্ধানৰ বাবে দেশখনলৈ যাব বিচৰা বিশেষজ্ঞৰ দলক এতিয়াও চীনত প্ৰৱেশৰ অনুমতি দিয়া নাই দেশখনে। ইয়াৰে লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ আডানম ঘেব্ৰিয়াছাছে।

আৰু পঢ়িব পাৰিব : নাকচ জামিন : কাৰাগাৰতে থাকিব লাগিব অখিল গগৈ!

চীনৰ এই বাধাক ‘অতি নিৰাশাজনক’ আখ্যা দিয়ে সংস্থাৰ মুৰব্বীজনে। জানুৱাৰীৰ প্ৰথম ভাগতে ক’ৰ’নাৰ প্ৰথম পৰ্যায়ৰ সংক্ৰমণৰ বিষয়ে অনুসন্ধান কৰাৰ বাবে বিশেষজ্ঞৰ দলে সাজু হৈছিল যদিও চীনৰ অসহযোগৰ বাবে এই কাম সম্ভৱ হোৱা নাই। চীনৰ উহান প্ৰদেশতে যিহেতু প্ৰথম ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছিল সেয়েহে ইয়াৰ উৎপত্তিৰ বাবে জানিবলৈ দেশখনত অনুসন্ধান চলোৱাটো জৰুৰী বুলি বিবেচনা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

আৰু পঢ়িব পাৰিব : স্কুলীয়া ছাত্ৰীক ৰাজপথতে আক্ৰমণ মাতাল যুৱকৰ

কিন্তু চীনৰ অসহযোগিতাৰ বিষয়ে প্ৰকাশ কৰি ‘হু’ৰ মুৰব্বীগৰাকীয়ে কয় যে, ‘আজি আমি অৱগত হৈছোঁ যে, চীনৰ প্ৰশাসনে বিশেষজ্ঞৰ দলক দেশখনত প্ৰৱেশৰ বাবে প্ৰয়োজন হোৱা অনুমতি এতিয়ালৈ প্ৰদান কৰা নাই। জেনেভাত এখন অনলাইন সংবাদমেল সম্বোধন কৰি তেওঁ লগতে কয় যে, ‘আমি এই বিষয়ে চীনৰ শীৰ্ষ পৰ্যায়ৰ প্ৰশাসনীয় প্ৰতিনিধিৰ সৈতে কথা পাতিছোঁ আৰু এই কথা পুনৰ স্পষ্ট কৰি দিব বিচাৰিছোঁ যে, এই অভিযান ‘হু’ৰ বাবে অগ্ৰাধিকাৰৰ এক বিষয়।’ উল্লেখ্য যে, এই অভিযানক ‘হু’ৰ শীৰ্ষ বিশেষজ্ঞ পীটাৰ এমবাৰেকে নেতৃত্ব দিয়াৰ কথা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?