--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ কৰ’নাৰ বিভীষিকাই বিধ্বস্ত কৰি তুলিছে সাধাৰণ জনজীৱন। কৰ’না নামৰ ভাইৰাছৰ বাবেই নানা নাভুত-নাশ্ৰূত ঘটনাৰ সাক্ষী হ’ব লগীয়া হৈছে আমাৰ সমাজে। কেতবোৰ কথাই চকু কপাল তুলিছে সচেতন মহলৰ। শেহতীয়াকৈ পোহৰলৈ অহা এটি হৃদয়বিদাৰক ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰা দেখিবলৈ পোৱা গৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত এখন গাড়ীৰ ডিকীত কৰ’না আক্ৰান্ত নিজ সন্তানক ভৰাই ৰখাৰ খবৰ আহিছে। নিজ সন্তানক এইদৰে গাড়ীৰ ডিকীত ভৰাই ৰখাৰ অপৰাধত শিশুটিৰ মাতৃক গ্ৰেপ্তাৰো কৰিছে আৰক্ষীয়ে । গ্ৰেপ্তাৰ কৰা শিক্ষয়ত্ৰীগৰাকীৰ নাম ছাৰাহ বিয়াম। জানিবলৈ পোৱা মতে, মহিলাগৰাকীৰ বয়স ৪১। পুত্ৰৰ দেহৰ পৰা কৰ’না সংক্ৰমিত হ’ব পাৰে বুলি ভাবিয়েই ছাৰাহ বিয়ামে গাড়ীৰ পিছফালে নিজ সন্তানক ডিকীত ভৰাই কৰ’না পৰীক্ষা কৰিবলৈ গৈছিল।

মন কৰিবলগীয়া যে, ৩ জানুৱাৰীত টেক্সাছৰ হাৰিছ পল্লীত এখন গাড়ীৰ পিছফালৰ পৰা শব্দ পোৱাৰ পাছত এজন ব্যক্তিয়ে জৰুৰীকালীন সেৱালৈ ফোন কৰি বিষয়টো সন্দৰ্ভত আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে খবৰ পোৱাৰ পাছতে শিশুটিক গাড়ীৰ ডিকীৰ পৰা উদ্ধাৰ কৰে আৰু শিশুটিৰ মাতৃ ছাৰাহ বিয়ামক গ্ৰেপ্তাৰ কৰে। তেওঁৰ পুত্ৰ কৰ’নাত আক্ৰান্ত হৈছিল আৰু সেইবাবে পুত্ৰক গাড়ীৰ ডিকীত ভৰাই থৈ কৰ’না পৰীক্ষা কৰিবলৈ গৈছিল বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে শিক্ষয়ত্ৰীগৰাকীয়ে। জানিবলৈ পোৱা মতে, তেওঁ ২০১১ চনৰ পৰা এখন স্থানীয় উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যাপনা কৰি আছে। ঘটনাটোৰ পাছত, তেওঁক বিদ্যালয়ৰ পৰা বাধ্যতামূলক ছুটিত প্ৰেৰণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?