--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

লণ্ডনঃ দেশত এতিয়া মাৰন ভাইৰাছৰ তৃতীয়তো ঢৌৰ তাণ্ডৱ অব্যাহত। পূৰ্বতে কৰ’নাৰ তৃতীয় ঢৌৰ দ্বাৰা শিশুসকল আটাইতকৈ বেছি প্ৰভাৱিত হ'ব পাৰে বুলি আশংকা কৰা হৈছিল। শিশুসকলক এইবিধ মাৰাত্মক ভাইৰাছৰ পৰা কেনেকৈ সুৰক্ষিত কৰিব পাৰি তাকে লৈ সম্প্ৰতি সকলো উদ্বিগ্ন। ইফালে, তৃতীয়টো ঢৌ অহাৰ পূৰ্বে, দেশৰ বিভিন্ন প্ৰান্তৰ শিশুসকল কৰ’নাত আক্ৰান্ত বুলি প্ৰকাশ পাইছিল। এনে পৰিপ্ৰেক্ষিতত, দ্য লেঞ্চেট চাইল্ড এণ্ড এড’লচেণ্ট হেল্থ জাৰ্নেলৰ এক অধ্যয়নে সাময়িক সকাহ দিছে। অধ্যয়ন অনুসৰি, শিশুৰ শৰীৰৰ ওপৰত ক’ভিড-১৯ৰ প্ৰভাৱ দীৰ্ঘম্যাদী নহয়। কৰ’নাক্ৰান্ত বেছিভাগ শিশুৱে ৬ দিনৰ পাছত প্ৰায় সুস্থ হৈ উঠিছে।


অধ্যয়নটোত প্ৰকাশ পোৱা অনুসৰি, ‘৪ সপ্তাহৰ পাছতো, শৰীৰত ক’ভিড-১৯ৰ লক্ষণ থকা শিশুৰ সংখ্যা কম। অধ্যয়নটোৰ জ্যেষ্ঠ গৱেষক আথাৰ লণ্ডন কিংছ কলেজৰ অধ্যাপক এমা ডানকনে এক বিবৃতিযোগে সদৰী কৰিছে যে, ‘মই সকলোকে আশ্বাস দিওঁ যে শৰীৰত ক’ভিড-১৯ৰ দীৰ্ঘম্যাদী লক্ষণ থকা শিশু কম। খুব কমসংখ্যক শিশুহে দীৰ্ঘদিন ধৰি ক’ভিড-১৯ত ভুগি থাকে।


উল্লেখ্য যে, এই শিশুসকল ৬ দিন ধৰি অসুস্থ হৈ আছিল। প্ৰথম সপ্তাহত তেওঁলোকৰ গড়ে ৩টাকৈ লক্ষণে দেখা দিছিল। বেছিভাগ শিশু ৪ সপ্তাহৰ ভিতৰত আৰোগ্য লাভ কৰিছে। এমাহৰ পাছত ক্ৰমান্বয়ে শিশুসকল সুস্থস হৈ পৰে। অসুস্থতাৰ ৪ সপ্তাহ পাছত তেওঁলোকৰ শৰীৰত ৩টাৰ পৰিৱৰ্তে ২ লক্ষণ দেখা গৈছিল। এই অধ্যয়নটো লণ্ডনত ৫-১৭ বছৰ বয়সৰ ২৫০,০০০-ৰো অধিক শিশুৰ নমুনা সংগ্ৰহেৰে কৰা হৈছিল। জ’-ক’ভিড অধ্যয়ন স্মাৰ্টফোন এপ’ৰ সহায়ত কৰ’নাক্ৰান্তৰ তথ্য সংগ্ৰহ কৰিছিল গৱেষকে। এই তথ্যবোৰ বিগত বৰ্ষৰ ১ ছেপ্টেম্বৰৰ পৰা চলিত বৰ্ষৰ ২২ ফেব্ৰুৱাৰীৰ ভিতৰত সংগ্ৰহ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?