--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহে প্ৰায়ে কণী খায় আৰু কণী খাবলৈ মানুহে বইল কৰে। কণী বইল কৰা পানী সকলো মানুহেই পেলাই দিয়ে। আপুনি জানেনে কণী সিজোৱা পানীৰ আছে আচৰিত উপকাৰিতা। এই উপকাৰিতাৰ কথা জনাৰ পাছত আপুনি কেতিয়াও কণী সিজোৱা পানী পেলাই দিয়াৰ ভুল নকৰে। 

সিজোৱা কণীৰ পানী কেনেদৰে উপকাৰী হয় জানো আহক-

পুষ্টিকৰ উপাদান-

কণীৰ বাকলিত পৰ্যাপ্ত পৰিমাণে কেলচিয়াম, পটাছিয়াম আৰু সামান্য পৰিমাণৰ ফছফৰাছ, মেগনেছিয়াম আৰু ছডিয়াম পোৱা যায়। এনে পৰিস্থিতিত কণী উতলালে এই মৌলবোৰ পানীত মিহলি হৈ যায়। এই সকলোবোৰ মৌল উদ্ভিদৰ বাবে অতি উপকাৰী। উদ্ভিদৰ কোষৰ বিকাশৰ বাবে এই সকলোবোৰ মৌলৰ প্ৰয়োজন।

সাৰৰ কাম-

সিজোৱা কণীৰ পানীয়ে উদ্ভিদৰ বাবে সাৰ হিচাপে কাম কৰে। শেহতীয়াকৈ কৰা এক অধ্যয়নত এই কথা নিশ্চিত কৰা হৈছে। এই অধ্যয়নৰ প্ৰতিবেদন অনুসৰি যি পানীত আপুনি কণী সিজায়, সেই পানীত কণী উতলাৰ পিছত কণীৰ কিছু পুষ্টিকৰ উপাদান সোমাই যায়, যিবোৰে উদ্ভিদৰ বাবে সাৰ হিচাপে কাম কৰে।

বিলাহী আৰু জলকীয়া গছৰ বাবে উপকাৰী-

যিবোৰ উদ্ভিদ সূৰ্যৰ পোহৰৰ অভাৱত প্ৰায়ে ক্ষতিগ্ৰস্ত হয়, সেইবোৰৰ বাবে সিজোৱা কণীৰ পানী অতি উপকাৰী। বিশেষকৈ বিলাহী আৰু জলকীয়া গছৰ বাবে এই পানী উপযোগী।

উল্লেখ্য যে এই পানী ব্যৱহাৰ কৰিলে আপোনাৰ গছ-গছনিবোৰ একেবাৰে সতেজ আৰু সেউজীয়া হৈ থাকিব। এই পানীত এনে পুষ্টিকৰ উপাদান থাকে যিবোৰ উদ্ভিদৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হয়। কণী সিজোৱা পানীত কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থ নোহোৱাকৈ উদ্ভিদক পুষ্টি প্ৰদান কৰা প্ৰাকৃতিক, ফলপ্ৰসূ সাৰ সৃষ্টি হয়।

কণীৰ বাকলিৰ পৰা পোৱা কেলচিয়ামে মাটিৰ পি এইচ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। 

ব্যৱহাৰৰ পদ্ধতি

গছৰ বৃদ্ধিৰ বাবে এই পানী ব্যৱহাৰ কৰাৰ আগতে ভালদৰে ঠাণ্ডা কৰি লওক। তাৰ পিছত স্প্ৰে বটলত ভৰাই গছৰ গুৰিত ছটিয়াই দিব।

মনত ৰাখিব

ঠাণ্ডা দিনত গছ-গছনিবোৰক কম পৰিমাণৰ পানী আৰু অধিক পৰিমাণৰ সূৰ্যৰ পোহৰৰ প্ৰয়োজন হয়। এনে পৰিস্থিতিত যদি আপুনি ঘৰৰ ভিতৰৰ গছ-গছনি ৰাখিছে তেন্তে সেইবোৰক দৈনিক সূৰ্যৰ পোহৰত ৰাখক লাগে যাতে ইহঁতৰ শ্ৰীবৃদ্ধি হয়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?