--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

মুছলপুৰঃ ‘ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ, ইউপিপিএল আৰু বাকী মিত্ৰজোঁটৰ লগত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত নিশ্চিতভাৱে আমি এশখন আসন দখল কৰিব পাৰিম আৰু অসমৰ ৰাইজে আমাক আশীৰ্বাদ দিব৷ কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই আমাক কোনোধৰণৰ ক্ষতি কৰিব নোৱাৰে৷ তেওঁলোকে ২২-২৩খন আসনহে পাব বিধানসভা নিৰ্বাচনত৷ এখন কৰাপশ্যনমুক্ত বিটিআৰ গঠন কৰিবলৈ আমি প্ৰমোদ বড়োক দ্বায়িত্ব দিছোঁ৷’- এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ৷

আৰু পঢ়িব পাৰিব : হাজোৰপৰা প্ৰকাশ পালে ‘ডায়েৰী: দ্য লকডাউন টাইম’

বাকসাৰ শালবাৰীৰ নিমুৱাত গোৱৰ্ধনা এবছুৰ ২৩ সংখ্যক বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ কৰি ৰণজিৎ দাসে কয় যে আগন্তুক দিনত অসমৰ কোনো এটা বিধানসভা সমষ্টিতে কংগ্ৰেছ-এআইইউডিএফে মিত্ৰতা কৰিলেও বিজেপিৰ কোনো ক্ষতি নহয়৷ বৰপেটাৰ মেধিৰটাৰীত মাঘ বিহু উপলক্ষে যি অশ্লীল নৃত্য প্ৰদৰ্শন কৰা হৈছিল তাৰ প্ৰতিক্ৰিয়া জানিব খোজাত সভাপতি দাসে কয়-‘সেয়া মই দেখাও নাই, শুনাও নাই৷ গতিকে মই একো ক’ব নোৱাৰিম৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ কথাই নাহে৷’

আৰু পঢ়িব পাৰিব : তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ নিৰ্বাচন আয়োগৰ দল, কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক

মুকলি সভাত অংশগ্ৰহণ কৰি বিটিআৰ চীফ প্ৰমোদ বড়োৱে কয়-‘শিক্ষা বিভাগৰ জিলা, ব্লক কাৰ্যালয়সমূহত স্কুলৰ বাবে আবণ্টিত আচবাব বহু বছৰ ধৰি জমা হৈ আছে৷ কিন্তু স্কুলত বহিবলৈ আচবাবৰ অভাৱ৷ কিছুমান বিদ্যালয় ১৫/২০ বছৰ আগতেই প্ৰাদেশীকৰণ হৈছে যদিও সেই বিদ্যালয়সমূহৰ কোঠাসমূহ আজিও পকীকৰণ নহ’ল, ছাত্ৰ-ছাত্ৰীসকল বহিব লাগে মাটিত৷ এইবাৰ স্কুলৰ ফাৰ্নিচাৰ চাপ্লাই নহ’ব৷বিটিআৰত যি টকা আছে সেই টকাৰে এল পি, এমই স্কুলবোৰ বনোৱা কামত খৰচ কৰিম৷ছাত্ৰ-ছাত্ৰীয়ে গুণগত শিক্ষা পাব লাগিব৷ ছাত্ৰ-ছাত্ৰীয়ে কোনে কি কেৰিয়াৰ ল’ব খোজে সেই দিশত ছাত্ৰ-ছাত্ৰীক আগবঢ়াই নিব বিটিআৰ চৰকাৰে৷ সাতশ কিলোমিটাৰ পথ বনোৱাৰ বাবে অসম চৰকাৰে বিটিআৰ চৰকাৰ গঠন হোৱাৰ পাছতে পাঁচশ কোটি টকা উপহাৰ হিচাপে দিছে৷ অহা দুমাহৰ ভিতৰতেই বিটিআৰৰ চল্লিশটা সমষ্টিৰ প্ৰতিটোতে দহৰ পৰা বিশ কিলোমিটাৰ পথ পকীকৰণৰ ব্যৱস্থা কৰা হ’ব৷’

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?