--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অথন্তৰ ঘটিছে অসমৰ বিৰোধী ঐক্যমঞ্চত৷ অসমৰ পাঁচটা  সমষ্টিৰ বাবে অনুষ্ঠিত হ’বলগীয়া উপনিৰ্বাচনত শাসক বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ গঠন হোৱা অসম সন্মিলিত মঞ্চৰ সভাপতি পদৰ পৰা পদত্যাগ ভূপেন বৰাৰ৷

বিহালী সমষ্টিৰ বাবে প্ৰাৰ্থী বাচনি কৰিবৰ বাবে গঠন কৰা হৈছিল পাঁচজনীয়া কমিটি৷আৰু পাঁচজনীয়া কমিটিৰ প্ৰতিবেদনৰ সিদ্ধান্ত মানি লোৱাৰ কথা কৈছিল এআইচিচিৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙে কিন্তু অসম সন্মিলিত মৰ্চাৰ সিদ্ধান্ত কংগ্ৰেছ নেতৃত্বই মানি নোলোৱাৰ বাবে সন্মিলিত মঞ্চৰ সভাপতিৰ পৰা পদত্যাগ কৰিছে অসম কংগ্ৰেছৰ সভাপতিগৰাকীয়ে৷
 
অসম সন্মিলিত মৰ্চালৈ এআইচিচিৰ ৰ পত্ৰৰ পাছতে সন্মিলিত মৰ্চা আলোচনাত মিলিত হৈছে৷ বিহালী সমষ্টিৰ প্ৰাৰ্থী সলনি কৰিবলৈ সন্মত সন্মিলিত মৰ্চা ইতিমধ্যে পূৰ্বৰ CPI(ML)ৰ প্ৰক্ষেপিত প্ৰাৰ্থী বিবেক দাসক সলনি কৰাৰ চৰ্ত মানি প্ৰাৰ্থী সলনি কৰিবলৈ সন্মত হৈছে CPI(ML), সন্মিলিত মৰ্চা৷ এইমূহূত্বত চৰ্চালৈ আহিছে ক্ৰমে লক্ষী কুৰ্মী, প্ৰশান্ত গগৈ আৰু পৰিমল গড় এই ৩ গৰাকী প্ৰাৰ্থীৰ নাম বিহালি সমষ্টিৰ বাবে চৰ্চালৈ আহিছে৷

ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী)(CPI(ML)দলৰ প্ৰতিনিধিক লগত লৈ অসম সন্মিলিত মৰ্চাৰ সাধাৰণ সম্পাদক লুৰীন জ্যোতি গগৈয়ে সংবাদ মেল সম্বোধন কৰি কয় যে ঐক্যবদ্ধ ভাবে যুঁজ দিয়াৰ পৰিৱেশ উপ-নিৰ্বাচনত আৰম্ভ হ’ব বুলি আশাকৰা হৈছিল৷ইয়াৰ বাদে কোনো বিকল্প নাই এইটো সকলোৱে উপলব্ধি কৰিব লাগিব। লগতে কয় বিৰোধীৰ একতা বিনাশ কৰিবলৈ চেষ্টা কৰিছে এটা পক্ষই।

‘সেইটো সমষ্টি ভৱিষ্যতৰ বাবে SC সংৰক্ষিত বুলি উল্লেখ কৰি কয় যে বেলেগে পতা ফান্দত ভৰি নিদিবলৈ আমি আহ্বান জনাইছোঁ। আৰু কয় আমি একতা বিচাৰো, সেয়ে  এতিয়াও অপেক্ষা কৰিছোঁ। আমাৰ স্থিতি ইফাল সিফাল হোৱা নাই, পিছ হুহুকিছে কোন?’ ভূপেন বৰাই পদত্যাগৰ কথা ভাবিব পাৰে, মোৰ হাতত পত্ৰ পৰা নাই বুলি সদৰি কৰে সংবাদমেলত৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?