নতুন দিল্লী : ক’ভিড প্ৰতিষেধকৰ নাটনিক লৈ অভিযোগ উত্থাপন কৰি তীক্ষ্ণ প্ৰত্যুত্তৰৰ সন্মুখীন হ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ক’ভিড প্ৰতিষেধকৰ নাটনি সম্পৰ্কে ৰাহুল গান্ধীয়ে কৰা অভিযোগৰ প্ৰত্যুত্তৰ দিয়ে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে।
ৰাহুলে প্ৰতিষেধকৰ নাটনি হোৱাৰ অভিযোগ উত্থাপন কৰাৰ পাছত টুইটযোগে কংগ্ৰেছ নেতাগৰাকীক প্ৰত্যুত্তৰ দিছে ডাঃ হৰ্ষ বৰ্ধনে। ৰাহুল গান্ধীয়ে একো খা-খবৰ নাৰাখে নেকি? তেওঁৰ সমস্যা কি? বুলি প্ৰশ্ন কৰে ডাঃ হৰ্ষ বৰ্ধনে। ৰাহুলক আক্ৰমণ কৰি ডাঃ হৰ্ষ বৰ্ধনে টুইটাৰত লিখিছে, ‘কালি মাত্ৰ মই জুলাই মাহটোত দেশত প্ৰতিষেধকৰ যোগান সম্পৰ্কীয় তথ্য প্ৰকাশ কৰিছিলোঁ। ৰাহুল গান্ধীৰ সমস্যা কি? তেওঁ একো পঢ়া নাই নেকি? তেওঁ একো বুজি নাপায় নেকি? অহংকাৰ আৰু অৱহেলাৰ ভাইৰাছৰ কোনো প্ৰতিষেধক নাই। কংগ্ৰেছে এগৰাকী বিকল্প নেতাৰ কথা বিতংভাৱে ভবা উচিত।’ উল্লেখ্য যে, ৰাহুল গান্ধীয়ে দেশত প্ৰতিষেধকৰ নাটনিৰ প্ৰসংগ উত্থাপনেৰে মন্তব্য কৰিছিল যে, ‘জুলাই আহিল, কিন্তু প্ৰতিষেধক আহি নাপালে।’ ৰাহুল গান্ধীয়ে ক’ভিড ব্যৱস্থাপনা তথা ভেকচিনৰ নাটনিৰ প্ৰসংগৰে কেন্দ্ৰক তীব্ৰ সমালোচনা কৰি আহিছে।