--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আসন্ন হাৰিয়ানা বিধানসভা নিৰ্বাচন৷ এনে সময়তে মল্লযুঁজাৰু বিনেশ ফ’গাত আৰু বজৰং পুনিয়াই শুকুৰবাৰে দিল্লীত দুয়োজনে কংগ্ৰেছ দলত যোগদান কৰে। 

কংগ্ৰেছত যোগদান কৰি বিনেশ ফ’গাতে কয় যে ‘তেওঁ আশানুৰূপভাৱে জীৱন যপন কৰিবলৈ চেষ্টা কৰিব’। লগতে কয় কংগ্ৰেছে আমাৰ চকুপানী মূল্য হৃদয়ংগম কৰিলে। এই সুবাদতে দেশবাসীক সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰা বুলিও উল্লেখ কৰে। জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰাটো   গৌৰৱৰ বিষয় বুলি কয়। বজৰং পুনিয়াই কংগ্ৰেছত যোগদান কৰি কয় ‘কংগ্ৰেছ আৰু দেশক শক্তিশালী কৰাৰ প্ৰয়াস কৰিম।উল্লেখযোগ্য যে বিনেশ ফ’গাতক জুলানাৰ পৰা টিকট দিয়া হৈছে। আৰু বজৰংগ পুনিয়াক নিখিল ভাৰত কংগ্ৰেছ কিষাণৰ কাৰ্যকৰী অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।

কংগ্ৰেছত যোগদান কৰাৰ পাছতে বজৰং পুনিয়াই মৃত্যুৰ ভাবুকি লাভ কৰিছে।প্ৰাপ্ত তথ্য অনুসৰি হোৱাটছএপত বিদেশী নম্বৰৰ পৰা মেছেজৰ জৰিয়তে মৃত্যুৰ ভাবুকি লাভ কৰিছিল৷ বাৰ্তাটোত কোৱা হৈছে যে, ‘বজৰং, কংগ্ৰেছ এৰি যোৱা নহ'লে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে ভাল নহ'ব। এয়া আমাৰ শেষ বাৰ্তা।’ অৱশ্যে বজৰং পুনিয়াই এই সন্দৰ্ভত শোনিপাটৰ বহলগড় আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে। আৰক্ষীৰ মুখপাত্ৰ ৰবীন্দ্ৰ সিঙে এই সন্দৰ্ভত মন্তব্য আগবঢ়ায় কয় যে, ‘বজৰং পুনিয়াই শোনিপাটৰ বহলগড় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু এই সমগ্ৰ বিষয়টো আৰক্ষীয়ে গুৰুত্বসহকাৰে তদন্ত কৰি আছে।

উল্লেখযোগ্য যে ২০২৩ চনত মল্লযুঁজাৰু বজৰং পুনিয়া আৰু বিনেশ ফ’গাতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সাংসদ তথা ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ তদানীন্তন মুৰব্বী বৃজভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰিছিল৷

প্ৰসংগক্ৰমে, কংগ্ৰেছ দলত যোগদান কৰাৰ পূৰ্বে বিনেশ ফ’গাতে ৰে’লৱেৰ পৰা পদত্যাগ কৰিছিল৷ শেহতীয়া তথ্য ফ’গাটৰ বিনেশ ফ’গাট আৰু বজৰং পুনিয়াৰ পদত্যাগ এতিয়াও মানি লোৱা নাই ৰে’লৱে বিভগে। ৰেলৱেই দুয়োজন মল্লযুঁজাৰুলৈ কাৰণ দৰ্খোৱা জাননী জাৰি কৰিছে।

ৰাজনৈতিক কেৰিয়াৰ আৰম্ভণিতে বিপদে লগ নেৰা হৈছে দুয়োগৰাকী প্ৰাক্তন ক্ৰীড়াবিদক৷ প্ৰশ্ন হয় ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ হোৱাৰ আগতেই শেষ হ’ব নেকি প্ৰাক্তন ক্ৰীড়াবিদ দুগৰাকীৰ ৰাজনৈতিক জীৱন?
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?