--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা হঠাতে মানুহৰ কঁকালৰ( Waist) আকাৰ বৃদ্ধি হয়। কঁকালৰ আকাৰ বৃদ্ধি হলে শাৰীৰিক গঠনক লৈ মানুহ চিন্তাত পৰে। পৰিৱৰ্তনশীল জীৱনশৈলীৰ বাবে সচৰাচৰ মানুহৰ কঁকালৰ আকাৰ বৃদ্ধি হয়। ভুল জীৱনশৈলী, ভুল আহাৰ, অস্বাস্থ্যকৰ আহাৰে কঁকালৰ চাৰিওফালে চৰ্বি বৃদ্ধি কৰাত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যদি কোনোবাই এইবোৰৰ প্ৰতি মনোযোগ নিদিয়ে তেনেহ'লে তেওঁৰ ওজন বাঢ়িবলৈ আৰম্ভ কৰে আৰু শৰীৰত চৰ্বি জমা হ'বলৈ আৰম্ভ কৰে। শেহতীয়া এক অধ্যয়ন অনুসৰি যিসকল লোকৰ কঁকালৰ আকাৰ চাৰি ইঞ্চি বৃদ্ধি হয় তেনে লোকৰ কৰ্কট ৰোগৰ আশংকা অধিক হয়।  

অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ এক অধ্যয়ন অনুসৰি কঁকালৰ চাৰি ইঞ্চি বৃদ্ধি হলে প্ৰষ্টেট কৰ্কট ৰোগৰ আশংকা বৃদ্ধি হ'ব পাৰে আৰু মৃত্যুৰ আশংকা ৭ শতাংশলৈকে বৃদ্ধি হ'ব পাৰে। অক্সফৰ্ড বিশ্ববিদ্যালয়য়ে ২.৫ নিযুত পুৰুষৰ ওপৰত গৱেষণা চলাইছিল, য'ত এই কথা ধৰা পৰিছে। 



পৰ্যালোচনাত দেখা গৈছে যে বিয়েৰ খোৱাটোৱে প্ৰষ্টেট কৰ্কট ৰোগৰ বিকাশো বৃদ্ধি কৰে। প্ৰষ্টেট কৰ্কট হৈছে পুৰুষৰ ক্ষেত্ৰত দ্বিতীয় সৰ্বাধিক সচৰাচৰ হোৱা কৰ্কট ৰোগ। বয়স হোৱাৰ লগে লগে ইয়াৰ আশংকা বৃদ্ধি হয়। সঘনাই প্ৰস্ৰাৱ লগা, দ্ৰুতগতিত প্ৰস্ৰাৱ কৰিব লগা অনুভৱ, প্ৰস্ৰাৱ কৰাত অসুবিধা, প্ৰস্ৰাৱ কৰোঁতে অধিক সময় লগা, মূত্ৰাশয় সম্পূৰ্ণৰূপে খালী নোহোৱা, প্ৰস্ৰাৱ বা বীৰ্যত ৰক্তক্ষৰণ ইত্যাদি প্ৰষ্টেট কৰ্কটৰোগৰ লক্ষণ হ'ব পাৰে। সেয়েহে বিয়েৰ খোৱা বন্ধ কৰিবলৈ নিৰ্দেশ দিছে এই অধ্যয়নত। মহিলাৰ ক্ষেত্ৰতো হ'ব পাৰে এনে ৰোগ। 

কঁকালৰ আকাৰ কেনেদৰে হ্ৰাস কৰিব লাগে

কঁকালৰ আকাৰ হ্ৰাস কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় হ'ল আহাৰৰ প্ৰতি মনোযোগ দিয়া। আপোনাৰ আহাৰত সেউজীয়া পাচলি, ফল, বাদাম, সম্পূৰ্ণ শস্য আদি অন্তৰ্ভুক্ত কৰিব। লগতে ভজা খাদ্য, জাংক ফুড আদি সম্পূৰ্ণৰূপে খোৱা বন্ধ কৰক। শাৰীৰিক ব্যায়াম কৰিব কিয়নো ই শৰীৰত জমা হোৱা অতিৰিক্ত চৰ্বি দহন কৰাত সহায় কৰে। যদি আপোনাৰ ওজন অধিক এজন উপযুক্ত প্ৰশিক্ষক বা পুষ্টিবিদৰ সহায় লওক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?