--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বচ্চন পৰিয়াল বলীউডৰ এক সন্মানীয় পৰিয়াল। তেওঁলোকৰ অভিনীত চিনেমাৰ বাবে প্ৰায়ে এই পৰিয়ালটো জনপ্ৰিয়। কিন্তু আজিকালি চিনেমাৰ লগতে পৰিয়ালটোত চলি থকা কথিত অসঙ্গতি আৰু মতানৈক্যৰ বাবেই বাতৰিৰ শিৰোনাম দখল কৰিছে বচ্চন পৰিয়াল ৷

बेटी आराध्या के जन्मदिन से बनाई Abhishek Bachchan ने दूरी! अब क्यों कह दी ये बात?

অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায়ৰ কন্যা আৰাধ্যাৰ ১৬ নৱেম্বৰত ত্ৰয়োদশ জন্মদিন আছিল । এই উপলক্ষে সকলো অনুৰাগীয়ে আশা কৰিছিল যে অভিষেকক নিশ্চিতভাৱে কন্যা আৰাধ্যাৰ সৈতে দেখা যাব। কিন্তু একেলগে দেখাটো দূৰৰে কথা, অভিষেকে ছ’চিয়েল মিডিয়াত কন্যাক জন্মদিনৰ শুভেচ্ছাও নিদিলে। বিগত বছৰ অভিষেকে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত আৰাধ্যাৰ সৈতে নিজৰ এখন ফটো শ্বেয়াৰ কৰি জন্মদিনৰ শুভেচ্ছা জনাইছিল।

Aishwarya Rai Bachchan wishes Pa Amitabh Bachchan on his 82nd birthday,  shares a sweet pic of him with Aaradhya

বচ্চন পৰিয়ালৰ বোৱাৰী অৰ্থাৎ ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চনৰ মাজৰ সম্পৰ্কত ঘূনে ধৰিছে বুলি চৰ্চা চলিছে। দীৰ্ঘদিন ধৰি এই আলোচনা চলি আছে যদিও এই সমগ্ৰ বিষয়ত পৰিয়ালটোৱে মৌনতা অৱলম্বন কৰিছে। শেহতীয়াকৈ ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চনৰ কন্যাৰ ত্ৰয়োদশ জন্মদিন পালন কৰা হয়। কিন্তু এই বিশেষ দিনটোত দেখা নগ’ল বচ্চন পৰিয়ালক ৷ 

‘শ্বলে’, ‘ডন’ আৰু ‘দীৱাৰ’ৰ দৰে ব্লকবাষ্টাৰ ছবিত অভিনয় কৰা বলীউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চনৰ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনে কিছু বিশেষ ফটো শ্বেয়াৰ কৰিছে। ফটোবোৰত বিগ বি বা অভিষেক বচ্চনক দেখা পোৱা নগ’ল। এই বিষয়টোৱে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে ৷ বুধবাৰে শ্বেয়াৰ কৰা এই পোষ্টটোত ঐশ্বৰ্য আৰু আৰাধ্যাক একেলগে কেইবাটাও মুহূৰ্ত একেলগে অতিবাহিত কৰা দেখা গৈছে । মাতৃ-কন্যা দুয়োৱে ঐশ্বৰ্যৰ প্ৰয়াত পিতৃ কৃষ্ণৰাজ ৰায়ক তেওঁৰ ফটোৰ সন্মুখত হাতযোৰ কৰি শ্ৰদ্ধাঞ্জলি জনোৱা দেখিবলৈ পোৱা গৈছে । অভিনেত্ৰীগৰাকীয়ে কেপশ্যনত তেওঁৰ পিতৃ-কন্যাক তেওঁৰ জীৱনৰ ‘চিৰন্তন প্ৰেম’ বুলি উল্লেখ কৰা হৈছে ৷

শেহতীয়াকৈ ‘আই ৱাণ্ট টু টক’ৰ প্ৰচাৰ অনুষ্ঠানবোৰৰ মাজত অভিষেকে নিজৰ আৰু কন্যাৰ মাজৰ সম্পৰ্কৰ কথা ক’লে। অভিষেকে কয় যে তেওঁৰ কন্যা আৰাধ্যাৰ বাবে তেওঁ সকলো কৰিব। অভিষেকৰ এই বক্তব্যই পুনৰ পুৰণি কথাবোৰ মানুহৰ মনত সতেজ কৰি তুলিছে। কন্যাৰ জন্মদিন উদযাপনৰ বহু ফটো শ্বেয়াৰ কৰিছে ঐশ্বৰ্য ৰায়ে। এই আটাইকেইখন ছবিৰ পৰা বচ্চন পৰিয়াল যেন হেৰাই গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?