--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

চিৰাং : চিৰাঙৰ ছাতিপুৰ গাঁওত থকা কোঁচ-ৰাজবংশী নেতা অনন্ত ৰায়ৰ ঘৰত আলোচনাৰ অন্তত পোনে পোনে হেলিকপ্টাৰেৰে কোচবিহাৰলৈ ৰাওনা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহমন্ত্ৰীৰে আলোচনাৰ সময়ত গ্ৰেটাৰ কোচবিহাৰ পিপলছ এছ’চিয়েচনৰ সভাপতি নিৰ্মল ৰায়, সম্পাদিকা নমিতা বৰ্মন, কাৰ্যাহলয় সচিব পৰেশ বৰ্মন, সাংস্কৃতিক সম্পাদক ধনঞ্জয় ৰায়, সহকাৰী সম্পাদক মিথুন বৰ্মন, প্ৰতিষ্ঠাপক অনন্ত ৰায় লগতে উপস্থিত থাকে অসমৰ স্বাস্থ্য, বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিৰক বিজেপিৰ সভাপতি ৰঞ্জিত দাসকে ধৰি আন একাধিক বিজেপি নেতা।

আৰু পঢ়িব পাৰিব : জন আব্ৰাহামে মুকলি কৰিলে ‘এক ভিলেইন ৰিটাৰ্নছ’ৰ পোষ্টাৰ

প্ৰায় এঘন্টা ধৰি ৰায়ৰ সৈতে আলোচনাত মিলিত হয় গৃহমন্ত্ৰী শ্বাহ। আলোচনাত ৰাজনৈতিক বিষয়ৰ ওপৰত কি কি আলোচনা হৈছে সেই বিষয়ে প্ৰকাশ কৰাৰ পৰা বিৰত থাকিলেও অনন্ত ৰায়ে কয় যে, ‘কোচ-ৰাজবংশীসকলৰ ভাল দিন আহি আছে।’ কোচ ৰাজবংশীসকলৰ অপূৰ্ণ হৈ থকা দাবীসমূহ পূৰণ কৰা সম্পৰ্কত আলোচনা হৈছে বুলিও প্ৰকাশ কৰে অনন্ত ৰায়ে।

আৰু পঢ়িব পাৰিব : ছ’চিয়েল মিডিয়াৰ বিৰুদ্ধে কঠোৰ কেন্দ্ৰ, ব্যৱস্থা গ্ৰহণক হুংকাৰ

তদুপৰি কোচ-ৰাজবংশীসকলৰ বাবে পেকেজ ঘোষণা কৰাৰ কথাও তেওঁ সদৰী কৰে। আলোচনাত চৰকাৰ আহিলে কোচ-ৰাজবংশীসকলৰ সকলো দাবী পূৰণ কৰাৰ আশ্বাস দিয়ে অমিত শ্বাহে। ৰাজবংশীৰ ভূমিত ৰাজবংশীসকল বহিৰাগত নহয় বুলিও তেওঁ মন্তব্য কৰাৰ কথা সংবাদ মাধ্যমৰ আগত অনন্ত ৰায়ে সদৰী কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?