--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৰ্তমান সময়ত মেদবহুলতা সকলোৰে মাজত এক চৰ্চাৰ বিষয় হৈ পৰিছে। বহু লোক এতিয়া সুস্থ জীৱনশৈলীৰ দিশে আগবাঢ়িছে। এক সুস্থ জীৱনশৈলীৰ বাবে সকলোৱে নিজক পৰিচৰ্যা কৰাটো পৰিলক্ষিত হয়। ব্যস্ত জীৱনৰ মাজতো কোনোৱে যদি জিম যায়¸ আন কোনোৱে ঘৰতেই নিজক পৰিচৰ্যা কৰিবলৈ চেষ্টা কৰে। 

এনে পৰিস্থিতিত ব্যায়াম বা ৱৰ্কআউট দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। এইসমূহৰ মাজতে বহুলোকৰ মাজত এক প্ৰশ্নৰ উদয় হয় যে আমি ব্যায়াম কোন সময়ত কৰাটো লাভদায়ক। এনেধৰণৰ বিভ্ৰান্ত হয়তো বহুতৰ মাজত সৃষ্টি হয়। জানো আহক কোন সময়ত ব্যায়াম কৰিলে উত্তম।

যদি আপুনি ৰাতিপুৱা ব্যায়াম কৰে তেন্তে ৰাতিপুৱাৰ শুদ্ধ বতাহ আৰু শান্ত পৰিৱেশত ব্যায়াম কৰিলে শৰীৰ আৰু মন দুয়োটাকে সতেজ কৰি তোলে। ওজন কমাবলৈও এইটো এটা ভাল সময়। ৰাতিপুৱাৰ ব্যায়ামে টোপনিৰ মান উন্নত কৰে।

সন্ধিয়া ব্যায়াম কৰিলে শৰীৰ অধিক সক্ৰিয় আৰু নমনীয় হৈ থাকে। অধিক লোকে সন্ধিয়া ব্যায়াম কৰে, যাৰ ফলত সমূহীয়া কাৰ্যকলাপ আৰু প্ৰেৰণা লাভ হয়। সন্ধিয়া পেশীৰ শক্তি আৰু কৰ্মক্ষমতা সক্ৰিয় হৈ থাকে যদিও কেতিয়াবা গোটেই দিনটোৰ ভাগৰুৱা হোৱাৰ বাবে ব্যায়াম কৰাত অসুবিধা হ’ব পাৰে। 

সাধাৰণতে ওজন কমোৱাৰ বাবে‌ ৰাতিপুৱা ব্যায়াম কৰিলে অধিক লাভদায়ক হয়। আনহাতে পেশীৰ শক্তি আৰু কৰ্মক্ষমতা সক্ৰিয় হৈ থকাৰ বাবে সন্ধিয়া ব্যায়াম কৰিলে ভাল হয়। কিন্তু ব্যায়াম কৰাৰ সময় নিৰ্ভৰ কৰে কোনো এজন ব্যক্তিৰ প্ৰয়োজনৰ ওপৰত।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?