--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মানৱ শৰীৰৰ বিকাশৰ বাবে বহুতো ভিটামিনৰ প্ৰয়োজন।ভিটামিনৰ অভাৱে শৰীৰত স্বাস্থ্যজনিত বহু সমস্যাও সৃষ্টি কৰে। এনে কিছু ভিটামিনৰ অভাৱে শৰীৰত বেয়া প্ৰভাৱ পেলায়। ইয়াৰ উপৰি মুখৰ দুৰ্গন্ধৰ আঁৰৰ কাৰণো হ’ব পাৰে ভিটামিনৰ অভাৱ। শৰীৰত ভিটামিনৰ অভাৱৰ বাবে বহুতো লক্ষণ দেখা দিয়ে। বেছিভাগ লোকৰে মুখৰ পৰা দুৰ্গন্ধৰ ওলোৱাৰ ফলত অসুবিধা সন্মুখীন হয়। এনে লোকৰ দাঁত ব্ৰাছ কৰাৰ পাছতো প্ৰায়ে মুখৰ গোন্ধ ওলায়। মুখৰ দুৰ্গন্ধৰ বহু কাৰণ থাকিব পাৰে। ভিটামিনৰ অভাৱৰ বাবেও মুখৰ দুৰ্গন্ধ ওলায়। কোনটো ভিটামিনৰ অভাৱত মুখৰ দুৰ্গন্ধ ওলায় জানো আহক।

কোনটো ভিটামিনৰ অভাৱত মুখৰ দুৰ্গন্ধ ওলায় জানেনে?
ভিটামিন-বি১২ আৰু ভিটামিন-চিৰ অভাৱত দুৰ্গন্ধৰ সৃষ্টি হয়। ভিটামিন-চিৰ অভাৱ দূৰ কৰিবলৈ অমিতা, মৌচমী, কমলা আৰু ষ্ট্ৰবেৰী খাদ্যত অন্তৰ্ভুক্ত কৰক। ভিটামিন-বি১২ৰ অভাৱ দূৰ কৰিবলৈ গাখীৰ, দৈ, কণী আৰু ছালমন মাছ খাব লাগে।

কোনটো ভিটামিনৰ অভাৱত দাঁতৰ আলুৰ পৰা ৰক্তক্ষৰণ হয়?
ভিটামিন-চিৰ অভাৱত দাঁতৰ আলুৰ পৰা ৰক্তক্ষৰণ হয়। ভিটামিন-চিৰ অভাৱৰ বাবে দাঁতৰ আলু ফুলা আৰু সংক্ৰমণৰ দৰে সমস্যা হ’বলৈ আৰম্ভ কৰে।

কোনটো ভিটামিনৰ অভাৱত ওঁঠ ফাটি যায় জানেনে?
ভিটামিন-বি১২ আৰু বি৬ৰ অভাৱত ওঁঠ ফাটে। ভিটামিনৰ বাহিৰেও কেতিয়াবা আইৰণ, জিংক আৰু ওমেগা-৩ৰ অভাৱত ওঁঠ ফাটিবলৈ আৰম্ভ কৰে।

কোনটো ভিটামিনৰ অভাৱৰ বাবে দাঁত হালধীয়া হয়?
ভিটামিন-বি১২ আৰু ভিটামিন-ডিৰ অভাৱৰ বাবে দাঁতৰ ৰং হালধীয়া হয়। দাঁতৰ যত্ন ল’বলৈ নিয়মীয়াকৈ খাদ্য তালিকাত ভিটামিন-বি১২ আৰু ভিটামিন-ডি অন্তৰ্ভুক্ত কৰক।

কোনটো ভিটামিনৰ অভাৱৰ বাবে দাঁতৰ ওপৰত হালধীয়া ৰঙৰ তৰপ গঠন হয়?
ভিটামিন-এ আৰু ভিটামিন-ডিৰ অভাৱত দাঁতৰ ওপৰত হালধীয়া ৰঙৰ তৰপ গঠন হয়। এই হালধীয়া তৰপটোৰ বাবে দাঁতৰ ৰং হালধীয়া হৈ পৰে আৰু মুখৰ পৰাও বেয়া গোন্ধ আহে। ভিটামিন-এৰ অভাৱ দূৰ কৰিবলৈ মিঠা আলু, বিলাহী, ডালিম, কচু আৰু অমিতা খোৱা উচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?